জন্মদিনৰ মাত্ৰ ৩ দিন পূৰ্বে নোহোৱা হ’ল সকলো পোষ্ট! জন আব্ৰাহামৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছে নে ই ইচ্ছাকৃত?

অভিনয় দক্ষতাৰ বাবে প্ৰখ্যাত বলীউডৰ হেণ্ডচাম হাংক জন আব্ৰাহাম। জিচমৰ জৰিয়তে বলীউডত খোজ থোৱা অভিনেতাজনৰ এতিয়া কোটি কোটি অনুৰাগী। অভিনেতাজনৰ কেৱল ইনষ্টাগ্ৰামত ৯.৭ নিযুত অনুৰাগী আছে। কিন্তু জন্মদিনৰ মাত্ৰ ৩ দিন পূৰ্বে ইনষ্টাগ্ৰাম হেণ্ডেলৰ সৈতে কিবা খেলিমেলিৰ সৃষ্টি হৈছে।


নিজৰ ৪৯ বছৰীয়া জন্মদিনৰ পূৰ্বে ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো পোষ্ট বিলুপ্ত কৰিছে। আনকি নিজৰ প্ৰফাইলো আঁতৰাই নিছে।


একাংশই অনুমান কৰিছে যে জন আব্ৰাহামৰ একাউণ্ট হেক কৰা হৈছে আৰু সেইবাবে একাউণ্টৰ এই আকস্মিক পৰিৱৰ্তন ঘটিছে।


ইফালে শেহতীয়াভাবে মুক্তিৰ অপেক্ষাত থকা নিজৰ চিনেমাৰ প্ৰচাৰৰ বাবে দ্য কপিল শৰ্মা শ্ব’ত দেখা গৈছিল জন আব্ৰাহামক। অনুষ্ঠানটোত জনক মানৱ শৰীৰত কেনেদৰে হৃদযন্ত্ৰৰ আক্ৰমণ হয় বৰ্ণনা কৰা দেখা গৈছে। অনুষ্ঠানত ইয়াক তেল আৰু পানীৰ উপমাৰে ব্যাখ্যা কৰিছিল অভিনেতাজনে। অৱশ্যে জনৰ বৈজ্ঞানিক ব্যাখ্যাই সকলো দৰ্শকক বিভ্ৰান্ত কৰি তুলিছিল আৰু অভিনেতাজনক সামাজিক মাধ্যমত ভুৱা ব্যাখ্যাৰ বাবে সমালোচনা কৰিছিল।


জন আব্ৰাহামক সিদ্ধাৰ্থ আনন্দৰ আহিবলগীয়া ছবি পাঠানত দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা যাব। সত্যমেৱ জয়তে ২ত শেষবাৰৰ বাবে দেখা গৈছিল জন আব্ৰাহামক। আহিবলগীয়া একচন-বাষ্টাৰ ছবি এটেকত জেকুলিন ফাৰ্ণাণ্ডেজ আৰু ৰকুল প্ৰীত সিঙৰ সৈতে দেখা যাব জনপ্ৰিয় অভিনেতাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...