বিজ্ঞাপনৰ নামত ৩টা বছৰত কিমান টকা খৰচ কৰিলে মোদী চৰকাৰে?

মঙলবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে কেন্দ্ৰই ২০১৮ ৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত দিয়া বিজ্ঞাপনৰ নামত ব্যয় কৰিছে ১৭০০ কোটি টকা। অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ সাংসদ বদৰুদ্দিন আজমলৰ এক প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় এই কথা।

ঠাকুৰে এক লিখিত উত্তৰত কয় – “চৰকাৰে দিয়া বিজ্ঞাপনবোৰৰ মূল উদ্দেশ্য হৈছে চৰকাৰী নীতি আৰু আঁচনিৰ বিষয়ে ইয়াৰ লক্ষ্য হিতাধিকাৰীসকলক সংবেদনশীল কৰা। মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি বাতৰি কাকতক দিয়া বিজ্ঞাপনৰ বাবে মুঠ ৮২৬.৫ কোটি টকা খৰচ কৰিছে চৰকাৰে।

মন্ত্ৰালয়ে কয় যে ২০২০-২১ বৰ্ষৰ ভিতৰত ৬,৮৫খন বিভিন্ন বাতৰি কাকতত দিয়া হৈছিল ১১৮.৫৯ কোটি টকাৰ বিজ্ঞাপন। ২০১৯-২০২০ বৰ্ষৰ ভিতৰত ৫৩৬৫খন বাতৰি কাকতত ২০০ কোটি টকাৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছিল আৰু ২০১৮-১৯ বৰ্ষৰ ভিতৰত ৬১১৯খন বাতৰি কাকতত দিয়া হৈছিল ৫০৭.৯ কোটি টকাৰ বিজ্ঞাপন।

আনহাতে, যোৱা তিনি বছৰত বিজ্ঞাপনৰ বাবে ১৯৩.৫২ কোটি টকা দিয়া হৈছে ইলেক্ট্ৰনিক মাধ্যমক। ইয়াৰ পূৰ্বেও, অনুৰাগ ঠাকুৰে সংসদত কৈছিল যে নিবিদা বা চাকৰি নিযুক্তি থকা অ-যোগাযোগ বিজ্ঞাপনৰ ব্যয় হ্ৰাস কৰিছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...