আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত কৰিব পাৰিব ডেংগু আৰু কভিডৰ চিকিত্সা

সাধাৰণ ৰোগীৰ বাবে অত্যন্ত ভাল খবৰ। কভিড আৰু ডেংগু ৰোগকো সামৰি লব আয়ুষ্মান ভাৰত আঁচনিয়ে। প্ৰতি বছৰে চিকিত্সাৰ নামত লাখ লাখ টকা খৰচ কৰিব লগা হয় ৰোগী-অভিভাৱকে। সুস্থ জীৱন লাভ কৰিবলৈ চিকিত্সালয়ে চিকিত্সালয়ে ঢপলিয়াব লগীয়া হয় সাধাৰণ ৰোগীসকল। তাৰোপৰে প্ৰায় দুবছৰ ধৰি কভিডে সংহাৰ চলাই আছে সমগ্ৰ বিশ্বত। কভিডৰ বাবে যিকোনো স্থানলৈ যাবলৈ আৰু স্বাভাৱিক জীৱনলৈ বাধাৰ প্ৰাচীৰ ৰূপে ঠিয় দিছে। ধন-জন হানি হোৱাৰ বাবে প্ৰিয়জনক হেৰুৱাই সৰ্বস্বান্ত হব লগা হৈছে বহু দৰিদ্ৰ পৰিয়াল। বহু পৰিয়ালে চিকিত্সা ব্যয় বহন কৰিব নোৱাৰি ঘৰৰ মাটি-ভেটি বেচি দিব লগা পৰিস্থিতিৰো সৃষ্টি হয়।

এনে দৰিদ্ৰ ৰোগীৰ কথা ভাবি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল আয়ুষ্মান ভাৰত আঁচনি। প্ৰতিজন লোকৰ চিকিত্সাৰ গেৰাণ্টি বা সহায়ৰ হাত হোৱাকৈ আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰিছে। কিন্তু ইয়াৰ পূৰ্বে কেইটাম ৰোগৰহে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিত্সা সুবিধা লাভ কৰিছিল। এতিয়াৰে পৰা কভিড আৰু ডেংগুৰ দৰে ৰোগৰ চিকিত্সাও আয়ুষ্মান ভাৰতে সাঙুৰি ল’ব। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী ড০ ভাৰতী প্ৰবীণ পাৱাৰে এই কথা ঘোষণা কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত থাকিব কভিড আৰু ডেংগু ৰোগো। ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে এই কথা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...