বিপদত জেকুলিন ফাৰ্ণাণ্ডেজ! আজি হাজিৰ হ’ব পাৰে EDৰ কাৰ্যালয়ত

মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ আইনী জটিলতাত সোমাই পৰিছে। ধনৰ সৰবৰাহ কৰাৰ গোচৰত জেকুলিন ফাৰ্ণাণ্ডেজৰ নাম সাঙোৰ খাই আছে। ভাৰতৰ পৰা যাবলৈ ওলাওতেই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক হোৱাৰ পিছত আজি তদন্তকাৰী EDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বিগত দিনবোৰত ED-এ কেইবাবাৰো জেৰা কৰিছিল আৰু জেকুলিনেও নিজৰ জবানবন্দী দিছিল। সুকেশ চন্দ্ৰশেখৰ নামৰ এজন ব্যৱসায়ীৰ ২০০ কোটি টকাৰ মানী লণ্ডাৰিং কেলেংকাৰীত সাঙোৰ খাই আছে শ্ৰীলংকা মূলৰ অভিনেত্ৰীগৰাকীৰ নাম। সুকেশ চন্দ্ৰশেখৰে প্ৰায় ১০ কোটি টকীয়া উপহাৰ দিয়াৰ অভিযোগ।

এই গোচৰটোত জেকুলিন এগৰাকী সাক্ষী। প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু জেকুলিনৰ মাজত কিবা বিত্তীয় লেনদেন হৈছিল নেকি তাৰ অনুসন্ধান কৰি আছে যে এনফৰ্চমেণ্ট ডাইৰেক্টৰে। এই গোচৰটোৰ বাবেই মুম্বাই এৰি নাযাবলৈ লুক আউট চাৰ্কুলাৰ জাৰি কৰিছিল জেকুলিনক। তাৰ মাজতে বিদেশলৈ ৰাওনা হোৱাৰ সময়তে বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল জেকুলিনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...