বিপদত জেকুলিন ফাৰ্ণাণ্ডেজ! আজি হাজিৰ হ’ব পাৰে EDৰ কাৰ্যালয়ত

মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ আইনী জটিলতাত সোমাই পৰিছে। ধনৰ সৰবৰাহ কৰাৰ গোচৰত জেকুলিন ফাৰ্ণাণ্ডেজৰ নাম সাঙোৰ খাই আছে। ভাৰতৰ পৰা যাবলৈ ওলাওতেই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক হোৱাৰ পিছত আজি তদন্তকাৰী EDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বিগত দিনবোৰত ED-এ কেইবাবাৰো জেৰা কৰিছিল আৰু জেকুলিনেও নিজৰ জবানবন্দী দিছিল। সুকেশ চন্দ্ৰশেখৰ নামৰ এজন ব্যৱসায়ীৰ ২০০ কোটি টকাৰ মানী লণ্ডাৰিং কেলেংকাৰীত সাঙোৰ খাই আছে শ্ৰীলংকা মূলৰ অভিনেত্ৰীগৰাকীৰ নাম। সুকেশ চন্দ্ৰশেখৰে প্ৰায় ১০ কোটি টকীয়া উপহাৰ দিয়াৰ অভিযোগ।

এই গোচৰটোত জেকুলিন এগৰাকী সাক্ষী। প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু জেকুলিনৰ মাজত কিবা বিত্তীয় লেনদেন হৈছিল নেকি তাৰ অনুসন্ধান কৰি আছে যে এনফৰ্চমেণ্ট ডাইৰেক্টৰে। এই গোচৰটোৰ বাবেই মুম্বাই এৰি নাযাবলৈ লুক আউট চাৰ্কুলাৰ জাৰি কৰিছিল জেকুলিনক। তাৰ মাজতে বিদেশলৈ ৰাওনা হোৱাৰ সময়তে বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল জেকুলিনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...