দেশত ধৰা পৰিল পঞ্চমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা

দেশত ধৰা পৰিল পঞ্চমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা। কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাটৰ পিছত এইবাৰ দিল্লীত অমিক্ৰন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। টাঞ্জানিয়াৰ পৰা দিল্লীত উপস্থিত হোৱা এজন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ এজন ৩৩ বছৰীয়া যুৱকৰ শৰীৰত ধৰা পৰিছিল কৰ’নাৰ এই মাৰাত্মক প্ৰজাতিৰ সংক্ৰমণ। দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাই-দিল্লী হৈ মুম্বাইত উপস্থিত হৈছিল যুৱকজন। মুম্বাইত ক’ভিড পৰীক্ষাৰ পিছতে যুৱকজনৰ শৰীৰত অমিক্ৰনৰ সংক্ৰমণ নিশ্চিত কৰা হয়। যোৱা ২৪ নৱেম্বৰত সামান্য জ্বৰৰ সৈতে মুম্বাইত উপস্থিত হৈছিল যুৱকজন। মুম্বাইত পৰীক্ষা কৰা হৈছিল হাই ৰিস্ক দেশৰ পৰা অহা ১২জন আৰু ল’ ৰিক্স দেশৰ পৰা অহা ২৩জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও এই আটাইকেইজনৰে ফলাফল নিগেটিভ বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰি দিল্লী-মুম্বাই ফ্লাইটৰ আন ২৫জন যাত্ৰীৰো ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি চিকিৎসকে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে বাংগালুৰুত ২জন আৰু গুজৰাটৰ জামনগৰত এজন লোকৰ দেহত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছিল। দ্ৰুতগতিত বিয়পা অমিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...