গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক ক’ৰিডৰ হিচাপে নিৰ্মাণৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে নির্দেশ দিয়ে। উল্লেখ্য যে লোকনিৰ্মাণ বিভাগৰ নিৰ্মাণ ব্যৱস্থাপনা সামৰ্থ বৃদ্ধিৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড নামৰ এই প্রতিষ্ঠানটো ২০১৬ চনতে গঠন কৰা হৈছিল। শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগে ৰাজ্যজুৰি পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিভাগটোত এই আঁচনিসমূহৰ সুষম ব্যৱস্থাপনাৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লোৱা হৈছে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই দিয়া নির্দেশনা মর্মে এতিয়াৰে এই প্রতিষ্ঠানটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আজিৰ এই বৈঠকতে মুখ্যমন্ত্ৰী ড° শৰ্মাই উন্নত পথ যোগাযোগ ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন স্থান সংযুক্ত কৰি যাতায়াতৰ সময় হ্রাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ আধাৰতে ধুবুৰীৰ পৰা চিলাপথাৰলৈ ৪১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাকেশ কেন্দ্রাই আৰু বিশেষ সচিব বিভূতি শ‍ইকীয়াও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...