টেষ্টৰ এটা ইনিংছত ১০উইকেট দখল এজাজ পেটেলৰ

মৃদুপৱন বৰা

মুম্বাইৰ ৱাংখেড়েত অভিলেখ গঢ়িলে কিৱি স্পীনাৰে
বিশ্বৰ তৃতীয়জন বলাৰ হিচাপে এই কৃতিত্ব এজাজৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন টেষ্ট মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলি আছে টীম ইণ্ডিয়াই। টেষ্টখনত টীম ইণ্ডিয়াৰ প্ৰথম ইনিংছ ৩২৫ ৰাণত সমাপ্ত। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম ইনিংছৰ দহোটা উইকেটে দখল কৰে নিউজীলেণ্ডৰ একমাত্ৰ এজন বলাৰেই। এই বলাৰজনেই হৈছে স্পীনাৰ এজাজ পেটেল।

এটা ইনিংছত বিদেশৰ মাটিত ১০টা উইকেট দখল কৰা প্ৰথম জন বলাৰ এজাজ পেটেল। মুম্বাইত জন্মগ্ৰহণ কৰা এজাজে ক্ৰিকেটৰ ‘অ, আ, ক, খ’ শিকিছিল মায়ানগৰীতে। ভাৰতীয় বংশোদ্ভোৱ পেটেলে জন্মস্থানতে অৰ্জন কৰিলে অনন্য কৃতিত্বৰ। ইংলিছ বলাৰ জিম লেকাৰ এই অভিলেখ অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বলাৰ। ১৯৫৬ চনত অফস্পীনাৰ জনে গঢ়িছিল এই নজিৰ। ১৯৯৯ চনত এই এলিট গ্ৰুপত প্ৰৱেশ কৰে অনিল কুম্বলে।

ভাৰতীয় স্পীনাৰজনে পাকিস্তানৰ বিৰুদ্ধে দখল কৰে এটা ইনিংছত ১০ টা উইকেট। অনিল কুম্বলেৰ এই অভিলেখৰ সুদীৰ্ঘ ২২ বছৰৰ পিছত ক্ৰিকেট বিশ্বত নজিৰ গঢ়িবলৈ সক্ষম হল কিৱি স্পীনাৰ এজাজ পেটেল। ক্ৰিকেটৰ ১৪৪ বছৰীয়া ইতিহাসত এয়া তৃতীয়বাৰ। এজাজ পেটেলক অভিনন্দন জনায় অনিল কুম্বলেয়ে টুইটাৰযোগে আমাৰ ক্লাবলৈ স্বাগতম। দৰ্শনীয় বলিং। এয়া নিসন্দেহে অনবদ্য। বি চি চি আয়ে অভিনন্দন জনালে কিৱি স্পীনাৰজনক।

এই কৃতিত্ব অৰ্জনৰ পিছত এজাজ পেটেলে কয়-‘মোৰ বাবে এয়া স্বপ্ন আছিল। জন্মভূমিত এই কৃতিত্ব লাভ কৰি অতিকৈ সুখী। ভাৰতীয় শক্তিশালী বেটিং লাইন আপৰ বিৰুদ্ধে এনে সফলতা ঈৰ্ষণীয়। এজাজক শুভেচ্ছা জনাই ক্ৰিকেটপ্ৰেমীৰ এনে মত।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...