শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা

বঙাইগাঁৱৰ ঘৰশীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা দেখিছেনে?

প্ৰায় ৫০০ বছৰীয়া ইতিহাসৰ সাক্ষী এজোপা বকুল গছ। বঙাইগাঁও জিলাৰ সাঁকোমুৰা গাঁৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে আনুমানিক ১৪৮০ চনত স্থাপন কৰিছিল ঘৰশীয়া সত্ৰ। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুজনাই দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমনলৈ ওলোৱাৰ সময়তেই এই সত্ৰখনৰ খুঁটি স্থাপন কৰা বুলি জানিব পৰা যায়। এই সত্ৰখন স্থাপন কৰাৰ সময়তেই গুৰুজনাই সত্ৰ চৌহদত ৰোপন কৰিছিল এজোপা বকুল গছ। সেইজোপা বকুল গছ আজিও বহু ইতিহাসৰ সাক্ষী হিচাপে বিলাই আছে সুগন্ধি। স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি গছজোপা কেইবাবাৰো কাটি পেলোৱা হৈছিল, দুৰ্বৃত্তই অগ্নিসংযোগো কৰিছিল কিন্তু তাৰ পিছতো গছজোপা পুনৰ লহপহকৈ বাঢ়িবলৈ ধৰে। যাৰ বাবে বকুলজোপাক অমৰ গছ হিচাপে বিবেচিত কৰি আহিছে স্থানীয় লোকসকলে। উল্লেখ্য যে, তামৰঙা বিলৰ পাৰৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত সুৱগা চৰোৱা ঘৰশীয়া সত্ৰত আজিও বিদ্যমান গুৰুজনাৰ পানীখোৱা নাদকে ধৰি বহু ইতিহাসৰ সমল। চৰকাৰে প্ৰদান কৰা কিছু অৰ্থ সাহায্যৰে সত্ৰখনৰ যথেষ্ট উন্নয়ন কৰা হৈছে যদিও পৰ্যটন বিভাগৰ এইক্ষেত্ৰত কৰিবলগীয়া যথেষ্ট আছে।

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...