চৰৰ লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী : আমিনুল ইছলাম

পুনৰ বিতর্কিত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। এইবাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ চাপৰিত বসবাস কৰা লোক সকলক উচ্ছেদ সন্দৰ্ভত কৰিলে বিতর্কিত মন্তব্য। বিধায়ক আমিনুল ইছলামৰ মতে চৰাঞ্চলত বসবাস কৰা লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী। অসমত এনে বহু লোক আছে যি সকলে মুছলমানক অন্যায় কৰিলে সুখী হয়। আৰু ৰাজ্য চৰকাৰে তেনে কামেই কৰি আছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ, বাবা ৰামদেৱ, আদানি, আম্বানি হ’ল প্ৰকৃত খিলঞ্জীয়া। সেয়ে ৰাজ্য চৰকাৰে ভূমি পুত্ৰক উচ্ছেদ কৰি তেওঁ লোকক ভূমি প্ৰদান কৰি আছে। কেন্দ্রীয় চৰকাৰে ভাৰতৰ ৰাজহুৱা সম্পত্তি সমূহ আদানি, আম্বানিক গতাই দিছে। আদানি, আম্বানি এতিয়া লণ্ডনত থাকিব আৰু বৃটিছে তাৰ পৰাই শাসন কৰিব। ধিঙৰ বিধায়ক জনে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এনেদৰে বিতর্কিত আৰু উচটনি মূলক মন্তব্য প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...