ইতিহাস! হালদিয়াৰ পৰা প্ৰথমবাৰলৈ গুৱাহাটী পালেহি ৯০ মিটাৰ দৈৰ্ঘ্যৰ মালবাহী জাহাজ

ব্ৰহ্মপুত্ৰত পোন প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ দৈৰ্ঘ্যৰ মালবাহী জাহাজ। হালদিয়াৰ পৰা গুৱাহাটীৰ পাণ্ডু পালেহি জাহাজখন। প্ৰথমবাৰলৈ জাহাজখনে কঢ়িয়াই আনিছে বৃহৎ পৰিমাণৰ ষ্ট্ৰীল। আন্ত্যন্তৰীণ জল পৰিবহন বিভাগে আদৰণি জনাইছে জাহাজখনক। যোৱা ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰৰ পৰা ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জাহাজখনে কঢ়িয়াই আনিছে ১,৮০০ মেট্ৰিকটন ওজনৰ ষ্টীল। ভাৰত বাংলাদেশ প্ৰটোকল ৰুট চমুকৈ IBPR হৈ হালদিয়াৰ পৰা কাৰ্গো চলাচল সম্পূৰ্ণ কৰাৰ পিছত পাণ্ডু বন্দৰত ব্ৰহ্মপুত্ৰ এংকৰত যাত্ৰা কৰা আটাইতকৈ দীঘল জাহাজ। ১৬ ফেব্ৰুৱাৰীত ২,৮০০ মেট্ৰিক টন লোহা লৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰা ৯০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ২৬ মিটাৰ বহল “ডি বি কল্পনা চাওলা” নামৰ দীঘল জাহাজখন ৪ সপ্তাহৰ যাত্ৰাৰ অন্তত পুৱা পাণ্ডু বন্দৰত উপস্থিত। পাণ্ডু বন্দৰত জাহাজখনক আদৰণি জনায় আই ডব্লিউ এ আইৰ জ্যেষ্ঠ উপদেষ্টা ৰঞ্জন চক্ৰৱৰ্তী, কেন্দ্ৰীয় বন্দৰ তথা জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত সচিব কুলদ্বীপ বায়ন, পাণ্ডু বন্দৰৰ সঞ্চালক এ ছিলভা কুমাৰ, উপ সঞ্চালক প্ৰবীণ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰে ভাৰত-বাংলাদেশ প্রট’কল পথৰে পাণ্ডুকে ধৰি অসমলৈ নিয়মীয়াকৈ মালবাহী জাহাজ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...