ইতিহাস! হালদিয়াৰ পৰা প্ৰথমবাৰলৈ গুৱাহাটী পালেহি ৯০ মিটাৰ দৈৰ্ঘ্যৰ মালবাহী জাহাজ

ব্ৰহ্মপুত্ৰত পোন প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ দৈৰ্ঘ্যৰ মালবাহী জাহাজ। হালদিয়াৰ পৰা গুৱাহাটীৰ পাণ্ডু পালেহি জাহাজখন। প্ৰথমবাৰলৈ জাহাজখনে কঢ়িয়াই আনিছে বৃহৎ পৰিমাণৰ ষ্ট্ৰীল। আন্ত্যন্তৰীণ জল পৰিবহন বিভাগে আদৰণি জনাইছে জাহাজখনক। যোৱা ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰৰ পৰা ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জাহাজখনে কঢ়িয়াই আনিছে ১,৮০০ মেট্ৰিকটন ওজনৰ ষ্টীল। ভাৰত বাংলাদেশ প্ৰটোকল ৰুট চমুকৈ IBPR হৈ হালদিয়াৰ পৰা কাৰ্গো চলাচল সম্পূৰ্ণ কৰাৰ পিছত পাণ্ডু বন্দৰত ব্ৰহ্মপুত্ৰ এংকৰত যাত্ৰা কৰা আটাইতকৈ দীঘল জাহাজ। ১৬ ফেব্ৰুৱাৰীত ২,৮০০ মেট্ৰিক টন লোহা লৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰা ৯০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ২৬ মিটাৰ বহল “ডি বি কল্পনা চাওলা” নামৰ দীঘল জাহাজখন ৪ সপ্তাহৰ যাত্ৰাৰ অন্তত পুৱা পাণ্ডু বন্দৰত উপস্থিত। পাণ্ডু বন্দৰত জাহাজখনক আদৰণি জনায় আই ডব্লিউ এ আইৰ জ্যেষ্ঠ উপদেষ্টা ৰঞ্জন চক্ৰৱৰ্তী, কেন্দ্ৰীয় বন্দৰ তথা জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত সচিব কুলদ্বীপ বায়ন, পাণ্ডু বন্দৰৰ সঞ্চালক এ ছিলভা কুমাৰ, উপ সঞ্চালক প্ৰবীণ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰে ভাৰত-বাংলাদেশ প্রট’কল পথৰে পাণ্ডুকে ধৰি অসমলৈ নিয়মীয়াকৈ মালবাহী জাহাজ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...