ঋষি সুনাকৰ বিষয়ে ৯টা নজনা কথা

ব্ৰিটিছ ৰাজনীতিৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তন আনি দেশখনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ঋষি সুনাক। ৪২ বছৰীয়া ঋষিয়ে অহা ২৮ অক্টোবৰত ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কিন্তু কোন এই ঋষি সুনাক?

১) ১৯৮০ চনৰ ১২ মে’ত ব্ৰিটেইনৰ চাউথমপটনৰ এটা ভাৰতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ঋষি সুনাকে।

২) পিতৃ যশবীৰ সুনাক ব্ৰিটিছ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ কৰ্মী আৰু মাতৃ উষা সুনাক এগৰাকী ফাৰ্মাচিষ্ট।

৩) হাম্পশ্বায়াৰ আৰু ৱিনচেষ্টাৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ঋষিয়ে ২০০১ চনত অক্সফৰ্ডৰ লিংকন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

৪) পিছলৈ ২০০৬ চনত ঋষিয়ে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত MBA অধ্যয়ন কৰে। তাতেই তেওঁৰ পত্নী অক্ষতা মূৰ্তিক লগ পাইছিল।

৫) সুনাকৰ পত্নী ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা। ২০০৯ চনত বাংগালোৰত অক্ষতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ঋষি। কৃষ্ণা আৰু অনুষ্কা নামৰ ২ গৰাকী কন্যা সন্তান আছে সুনাকৰ।

৬) ২০১৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল ঋষি সুনাক।

৭) ২০১৫ চনত ৰিচমণ্ডৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল ঋষি সুনাক। ২০২০ চনত তেওঁ ব্ৰিটিছ কেবিনেটত ৰাজকোষৰ চ্যান্সেলৰ হিচাপে নিযুক্তি লাভ কৰে।

৮) ঋষি সুনাকৰ বিত্তীয় পেকেজে কৰ’না কালত দেশবাসীৰ হৃদয় জয় কৰিছিল।

৯) সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ঋষি আৰু তেওঁৰ পত্নী অক্ষতাৰ মুঠ সম্পত্তি প্ৰায় ৭৩ কোটি পাউণ্ড। ভাৰতীয় মুদ্ৰাত যিটো ৬ হাজাৰ ৮০০ কোটিতকৈ অধিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...