একেদিনাই ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱালে ১৬জন লোকে

অসমত ক’ভিডৰ তৃতীয় ঢৌৰ ভয়াৱহ সংক্ৰমণ। ৰাজ্যত তুংগত ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। একেদিনাই ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱাইছে ১৬ জন আক্ৰান্তই। সোমবাৰৰ দিনটোত ক’ৰনাত মৃত্যু হৈছিল ১১জন আক্ৰান্ত। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮ হাজাৰ ৭২ জন লোক আক্ৰান্ত হৈছে। সোমবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আক্ৰান্ত হৈছিল প্ৰায় ৭ হাজাৰ লোক। কিন্তু মঙলবাৰৰ দিনটোত ৮ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই। ৰাজ্যত পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে ১২.৬২ শতাংশলৈ। কামৰূপ মহানগৰ জিলাত ক’ভিডৰ উদ্বেগজনকভাবে সংক্ৰমণ বাঢ়িছে। কামৰূপ(ম) জিলাত একেদিনাই প্ৰায় ২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ভিডত। মঙলবাৰৰ দিনটোত কেৱল কামৰূপ(ম)তে আক্ৰান্ত ১,৯৯৬ জন লোক। আজিৰ দিনটোত ৰাজ্যত সম্পন্ন হৈছে ৬৩,৯৪৪টা ক’ভিড টেষ্ট। ৰাজ্যত ক’ভিডৰ আৰোগ্যৰ হাৰ ৯৪.৩৯ শতাংশ। ৰাজ্যৰ ৫খন জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ। কামৰূপ মে’ট্ৰ, কাছাৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ...

ভাৰতৰ সৈতে যুদ্ধ কিয় পাকিস্তানৰ বাবে অৰ্থনৈতিক আত্মহত্যা?

পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সংকটৰ মুখামুখি। কোটি কোটি টকাৰ বিদেশী...

ভাৰতীয় সেনাই ১৯৭১ চনত এই পাকিস্তানী অঞ্চলসমূহ দখল কৰিছিল, ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত ঘূৰাই দিছিল…

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও...

পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ...