৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা লাভ অসমৰ সুমন অধিকাৰীৰো

বহু অভিনেতা অভিনেত্ৰী, নিৰ্মাতা, পৰিচালকৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হল বহু প্ৰত্যাশিত ৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটাসমূহ। আনুষ্ঠানিকভাৱে কেইবাটাও শিতানত স্বীকৃতি লাভ কৰিছে কেইবাখনো ছবিয়ে। সঞ্জয় লীলা ভাঞ্চালিৰ ‘গংগু বাই কাঠিয়াবাড়ীলৈ’ শ্ৰেষ্ঠ ছবিৰ বঁটাৰ সমান্তৰালকৈ শ্ৰেষ্ঠ অভিনেত্ৰী আলিয়া ভাট আৰু ‘বধাই দো’ ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওলৈ আগবঢ়োৱা হল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। । প্ৰতিজন কলা কুশলীক বঁটা বাহনেৰে উত্সাহী কৰি অহা ফিল্মফেয়াৰৰ এই যাত্ৰা আকৌ এবাৰ উদযাপিত হল জাক জমকতাৰে।

ঘোষিত হ’ল বহু প্ৰত্যাশিত ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ
সঞ্জয় লীলা ভাঞ্চালিৰ ‘গংগু বাই কাঠিয়াবাড়ীলৈ’ শ্ৰেষ্ঠ ছবিৰ বঁটা
আলিয়া ভাটে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
‘বধাই দো’ ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা
৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা লাভ অসমৰ সুমন অধিকাৰীৰো
নাগালেণ্ডৰ এণ্ড্ৰিয়া কেভিচুচালৈ নৱাগত অভিনেত্ৰীৰ বঁটা

ঘোষিত হ’ল বহু প্ৰত্যাশিত ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ
সঞ্জয় লীলা ভাঞ্চালিৰ ‘গংগু বাই কাঠিয়াবাড়ীলৈ’ শ্ৰেষ্ঠ ছবিৰ বঁটা

বলীউডৰ বহু প্ৰত্যাশিত ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠানত আনুষ্ঠানিকভাৱে কেইবাটাও শিতানত স্বীকৃতি লাভ কৰিছে কেইবাখনো ছবিয়ে। পৰিচালক, কাহিনীকাৰ, নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীলৈ আগবঢ়োৱা হল বহুকেইটা সন্মান। নমিনেশ্বন বক্সত প্ৰত্যাহ্বানৰ দেওনা নেওচি বহুতেই আঁজুৰি আনিলে সাফ্যলৰ এমোকোৰা হাঁহি। সঞ্জয় লীলা ভাঞ্চালিৰ ‘গংগু বাই কাঠিয়াবাড়ীয়ে’ শ্ৰেষ্ঠ ছবিৰ বঁটা আঁজুৰি অনাৰ লগতে একেখন ছবিৰ বাবে আলিয়া ভাটে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

‘বধাই দো’ ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা
৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা লাভ অসমৰ সুমন অধিকাৰীৰো
‘বধাই দো’ ছবিখনৰ বাবে শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত এই বঁটা
উত্তৰ-পূবৰ আন এগৰাকী অভিনেত্ৰীলৈ ফিল্মফেয়াৰ বঁটা
নাগালেণ্ডৰ এণ্ড্ৰিয়া কেভিচুচালৈ নৱাগত অভিনেত্ৰীৰ বঁটা

সঞ্জয় লীলা ভাঞ্চালিৰ ‘গংগু বাই কাঠিয়াবাড়ী ছবিখনে ইতিমধ্যে জনমানসত ৰাখি গৈছে এক অনন্য নজীৰ। সেয়ে বেষ্ট ফিল্মৰ কেটেগৰীত ছবিখনে শ্ৰেষ্ঠত্ব অৰ্জন কৰাক লৈ সুখী সকলো। ইফালে ছবিখনত কৰা বল্ড অভিনয়ৰ বাবে ইতিমধ্যে উচ্চ প্ৰশংসিত হৈছে আলিয়া ভাট। এইবাৰৰ পুনৰ বিচাৰকৰ দৃষ্টিত ফিল্মফেয়াৰ লাভ কৰিছে আলিয়াই। তাকো শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। বন্ধু সহিতে অসমৰ সুমন অধিকাৰীৰ কাহিনী আৰু চিত্ৰনাট্যৰে সজোৱা অগতানুগতিক বিষয়েৰে নিৰ্মিত ছবি ‘বধাই দো’ ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওলৈ আগবঢ়োৱা হল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। দুজন সমলৈংগিক স্ত্ৰী পুৰুষৰ বৈবাহিক জীৱনৰ পিছৰ সংঘাত আৰু বুজাবুজিক লৈ আগবঢ়া এই আছুতীয়া চিন্তাধাৰাই হৈছে মূল ছবিখনৰ উপজীব্য। বহু অভিনেতা অভিনেত্ৰী, নিৰ্মাতা, পৰিচালকৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হল ফিল্মফেয়াৰ বঁটাসমূহ। বঁটা গ্ৰহণ কৰি উত্ফুল্লিত হৈ পৰিল প্ৰতিজন লোক। প্ৰতিজন কলা কুশলীক বঁটা বাহনেৰে উত্সাহী কৰি অহা ফিল্মফেয়াৰৰ এই যাত্ৰা অব্যাহত থাকক। নিউজ ডেস্ক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...