কাল হৈ নামিছে নেকি কভিড? শিলচৰত বিদেশৰ পৰা অহা ৪জন ক’ভিড পজিটিভ

এতিয়াও মাৰ যোৱা নাই কভিড আতংক। অসমত দৈনিক নতুন নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিয়েই আছে। শিলচৰত বিদেশৰ পৰা অহা ৪জন লোক ক’ভিড পজিটিভ পোৱা গৈছে। ইয়াৰে ৩জন ছৌডি আৰবৰ পৰা আহিছিল। আনহাতে, আন এজন লোক ইউৰোপৰ দেশ ফিনলেণ্ডৰ পৰা আহিছিল। শিলচৰ মেডিকেল কলেজ হাস্পতালত RT-PCR টেষ্টত ধৰা পৰে কভিড সংক্ৰমণ। ছৌডি আৰব ভ্ৰমণ কৰা কভিড পজিটিভ লোক তিনিজন কৰিমগঞ্জৰ বাসিন্দা। আনহাতে, ফিনলেণ্ডৰ পৰা ওভতি অহা লোকজনৰ ঘৰ কাছাৰ জিলাত।

কভিড পজিটিভ চাৰিওজনৰে নমুনা অমিক্ৰন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পশ্চিম বংগৰ NIBMGলৈ। উল্লেখ্য যে, অসমত এইপৰ্যন্ত কোনো অমিক্ৰন পজিটিভৰ ঘটনা পোহৰলৈ অহা নাই। মন কৰিব লগীয়া যে, ইয়াৰ পূৰ্বে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধীক্ষকসহ ৫জন চিকিত্সক একেলগে আক্ৰান্ত হৈছিল কভিডত। চিকিত্সা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ অভিজিত স্বামীসহ ৫জন চিকিত্সকৰ দেহত পোৱা গৈছিল কভিড পজিটিভ। চিকিত্সক ডাঃ ঋতুৰাজ ঠাকুৰীয়া আৰু ডাঃ অজিত দে’ আক্ৰান্ত হৈছে কভিডত। চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱাও আক্ৰান্ত কভিড ভাইৰাছত। ইয়াৰে চিকিত্সক ঋতুৰাজ টাকুৰীয়া আৰু ডাঃ অজিত দে’ক কভিড ৱাৰ্ডত ৰাখি চিকিত্সা অব্যাহত ৰখা হৈছে। আনহাতে, চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱা তথা অধীক্ষক ডাঃ অভিজিত স্বামীক বৰ্তমানেও হোম আইছলেচনত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...