উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃত্যু

উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃত্যু । বৰ্তমানেও ১৫ জনৰো অধিক শ্ৰমিক আবদ্ধ খনিটোত। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। নিশাৰ পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছ’ থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন । কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। পানীত ওপঙি থকা মৃতদেহ ৩টা উদ্ধাৰৰ চেষ্টা। আন কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...