কৰাচীত গুলীচালনাৰে স্বাধীনতা দিৱস উদযাপন! ৩জনৰ মৃত্যু, ৬০গৰাকী আহত

পাকিস্তানৰ কৰাচীত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত শূন্যলৈ গুলীচালনাৰ ফলত ভয়াৱহ ঘটনা ঘটিল। এই ঘটনাত কমেও তিনিজনৰ মৃত্যু হৈছে আৰু ৫০ৰো অধিক লোক আহত হৈছে। আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলি পাকিস্তানী সংবাদমাধ্যম ‘জিঅ’ নিউজ’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, স্বাধীনতা দিৱস উপলক্ষে কৰাচীৰ বিভিন্ন স্থান সজাই-পৰাই উৎসৱমুখৰ হৈ পৰিছিল। সকলোৱে নিজৰ নিজৰ ধৰণে এই দিনটো উদযাপনৰ পৰিকল্পনা কৰিছিল। আজিজাবাদৰ এজন ৮ বছৰীয়া শিশুয়ে পৰিয়ালৰ সৈতে ৰাতিৰ উদযাপন চাবলৈ ওলাইছিল। হঠাৎ এটা গুলীয়ে তেওঁৰ শৰীৰ ভেদি ওলাই গ’ল। শিশুটি পথৰ ওপৰতে বাগৰি পৰিল। এই আকস্মিক ঘটনাত শিশুটোৰ পৰিয়াল হতভম্ব হৈ পৰিল। তৎক্ষণাত শিশুটোক ৰক্তাক্ত অৱস্থাত হাস্পতাললৈ লৈ যোৱা হ’ল যদিও ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসকে পৰীক্ষাৰ পিছত শিশুটিক মৃত ঘোষণা কৰিলে। কোৰাংগী এলেকাতো একেটা কাৰণত ষ্টিফেন নামৰ এজন যুৱকৰ মৃত্যু হৈছে।

কেৱল আজিজাবাদ বা কোৰাংগী নহয়, কৰাচীৰ বিভিন্ন স্থানত শূন্যলৈ গুলীচালনাৰ দ্বাৰা উদযাপনৰ ঘটনা প্ৰকাশ্যলৈ আহিছে। এই উদযাপনৰ সময়ত গুলী লাগি বহু লোক আহত হৈছে। উদ্ধাৰকাৰী দলসমূহে বিভিন্ন এলেকাৰ পৰা আহতসকলক উদ্ধাৰ কৰি আছে। আহতসকলক বিভিন্ন হাস্পতালত ভৰ্তি কৰি চিকিৎসা কৰোৱা হৈছে বুলি ‘জিঅ’ নিউজ’ৰ প্ৰতিবেদনত দাবী কৰা হৈছে।

কৰাচী আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, এই ঘটনাৰ নেপথ্যত কোনো লোক জড়িত আছে নেকি, তাৰ সন্ধান চলি আছে। বিভিন্ন স্থানত তালাচী চলাই অভিযুক্তসকলক ধৰা হৈছে। এতিয়ালৈকে ২০জন সন্দেহজনকলোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে আৰক্ষীয়ে।

শূন্যলৈ গুলীচালনাৰ দ্বাৰা উদযাপনৰ ঘটনা কৰাচিত নতুন নহয়। ‘জিঅ’ নিউজ’ৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ স্বাধীনতা দিৱসত একেটা কাৰণত কমেও ৯৫ জন লোক আহত হৈছিল। কেৱল স্বাধীনতা দিৱস নহয়, যিকোনো উৎসৱত কৰাচিত এনে ধৰণৰ উদযাপনৰ ঘটনা সংঘটিত হয়। চলিত বছৰৰ জানুৱাৰীত নৱবৰ্ষৰ উদযাপনৰ সময়ত গুলী লাগি কমেও ৪২ জনৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...