সুৰা বুলি ভাবি এচিড সেৱন কৰি ৩জনৰ মৃত্যু!

৩০ ডিচেম্বৰ, ২০২১ : এক শিহৰণকাৰী সংঘটিত হ’ল ত্ৰিপুৰাৰ ধলাই জিলাত। সুৰা বুলি ভাবি এচিড সেৱন কৰাৰ ফলত ৩জনকৈ লোকে সাৱটি ল’লে কৰুণ মৃত্যুক। বুধবাৰে আৰক্ষীয়ে সদৰী কৰিছে এই কথা। আৰক্ষীয়ে জনোৱা মতে ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ ধলাই জিলাৰ মনু আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত।

আৰক্ষী বিষয়া ৰত্ন সাধন জামাতিয়াৰ মতে নিহত তিনিজনৰ নাম ক্ৰমে ২২ বছৰীয়া শচীনদ্ৰা ৰিয়াং, ৪০ বছৰীয়া অধিৰাম ৰিয়াং আৰু ৩৮ বছৰীয়া ভাবিৰাম ৰিয়াং। তিনিওজনে অত্যাধিক সুৰাপানৰ ফলত ভুলতে পান কৰে এচিড।

স্থানীয় লোকসকলৰ মতে, মৃত সকলৰ মাজৰ এগৰাকী ভাবিৰামৰ পত্নী আৰু সন্তান শুক্ৰবাৰে তেওঁৰ ঘৰলৈ গৈছিল। পিছত সোমবাৰে, ভাবিৰামে তেওঁৰ পুত্ৰ অসুস্থ বুলি তথ্য লাভ কৰে আৰু ভাবিৰামেও তেওঁৰ পুত্ৰক লগ কৰিবলৈ তেওঁৰ শহুৰেকৰ ওচৰ পাইছিল।

সোমবাৰে নিশা কাঞ্চনচাৰা অঞ্চলত এটা পাৰ্টি অনুষ্ঠিত হৈছিল য’ত ১০ জন লোকে অংশগ্ৰহণ কৰিছিল। ইয়াত অত্যাধিক সুৰা পান কৰাৰ পিছত তিনিজন লোকে ভুলবশতঃ এচিড সেৱন কৰিছিল। তিনিওজন ইমান সুৰাপান কৰিছিল যে তেওঁলোকে এচিড আৰু সুৰাৰ মাজৰ পাৰ্থক্য বুজি পোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...