সুৰা বুলি ভাবি এচিড সেৱন কৰি ৩জনৰ মৃত্যু!

৩০ ডিচেম্বৰ, ২০২১ : এক শিহৰণকাৰী সংঘটিত হ’ল ত্ৰিপুৰাৰ ধলাই জিলাত। সুৰা বুলি ভাবি এচিড সেৱন কৰাৰ ফলত ৩জনকৈ লোকে সাৱটি ল’লে কৰুণ মৃত্যুক। বুধবাৰে আৰক্ষীয়ে সদৰী কৰিছে এই কথা। আৰক্ষীয়ে জনোৱা মতে ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ ধলাই জিলাৰ মনু আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত।

আৰক্ষী বিষয়া ৰত্ন সাধন জামাতিয়াৰ মতে নিহত তিনিজনৰ নাম ক্ৰমে ২২ বছৰীয়া শচীনদ্ৰা ৰিয়াং, ৪০ বছৰীয়া অধিৰাম ৰিয়াং আৰু ৩৮ বছৰীয়া ভাবিৰাম ৰিয়াং। তিনিওজনে অত্যাধিক সুৰাপানৰ ফলত ভুলতে পান কৰে এচিড।

স্থানীয় লোকসকলৰ মতে, মৃত সকলৰ মাজৰ এগৰাকী ভাবিৰামৰ পত্নী আৰু সন্তান শুক্ৰবাৰে তেওঁৰ ঘৰলৈ গৈছিল। পিছত সোমবাৰে, ভাবিৰামে তেওঁৰ পুত্ৰ অসুস্থ বুলি তথ্য লাভ কৰে আৰু ভাবিৰামেও তেওঁৰ পুত্ৰক লগ কৰিবলৈ তেওঁৰ শহুৰেকৰ ওচৰ পাইছিল।

সোমবাৰে নিশা কাঞ্চনচাৰা অঞ্চলত এটা পাৰ্টি অনুষ্ঠিত হৈছিল য’ত ১০ জন লোকে অংশগ্ৰহণ কৰিছিল। ইয়াত অত্যাধিক সুৰা পান কৰাৰ পিছত তিনিজন লোকে ভুলবশতঃ এচিড সেৱন কৰিছিল। তিনিওজন ইমান সুৰাপান কৰিছিল যে তেওঁলোকে এচিড আৰু সুৰাৰ মাজৰ পাৰ্থক্য বুজি পোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...