পাকিস্তানৰ হিন্দু মন্দিৰত আক্ৰমণ কৰা ২২ অপৰাধীক দিলে কাৰাদণ্ড

পাকিস্তান সন্ত্ৰাসবাদ বিৰোধী আদালতে বুধবাৰে ২২জনকৈ লোকক পঞ্জাবৰ হিন্দু মন্দিৰত আক্ৰমণ কৰাৰ অপৰাধৰ বাবে পাচঁ বছৰৰ কাৰাদণ্ড বিহে। ২০২১ চনৰ জুলাই মাহত লাহোৰৰ পৰা প্ৰায় ৫৯০ কিঃমিঃ দূৰত্বত অৱস্থিত ৰহিম য়াৰ খান জিলাৰ ভং চহৰৰ গণেশ মন্দিৰত এজন আঠ বছৰীয়া শিশুক শ শ লোকে আক্ৰমণ কৰিছিল।

আক্ৰমণকাৰীসকলে মন্দিৰত নিয়োজিত হৈ থকা আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে মন্দিৰৰ এটা অংশত জ্বলাই দিয়ে। লগতে আক্ৰমণকাৰীয়ে মন্দিৰৰ মূৰ্তি, দেৱাল, দুৱাৰ আদি সকলোবিলাক ভাঙি পেলাইছিল।

মন্দিৰত আক্ৰমণ কৰাৰ অপৰাধত আৰক্ষীয়ে ৮৪জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু বুধবাৰে ATC ন্যায়াধীশ নাছিৰ হুছেইনে ৰায়ঘোষণা কৰে আৰু ইয়াৰে ৬২জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰাৰ লগতে বাকী সন্দেহজনক ২২জন লোকক পাচঁ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰে।

পাকিস্তানৰ মুখ্য ন্যায়াধীশ গোলজাৰ আহমেদে এই ঘটনাটোৰ ওপৰত দোষ প্ৰকাশ কৰি কয় যে, গণেশ মন্দিৰত হোৱা আক্ৰমণে সম্পূৰ্ণ দেশখনক লজ্জানত কৰিছে। লগতে তেওঁ কৈছে যে, এই অপবিত্ৰতাই হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে বহুতো দোষ আৰু মানষিক যান্ত্ৰণাও দিছে।

ইয়াৰ লগতে পাকিস্তানৰ সংসদেও প্ৰস্তাৱ গ্ৰহণ কৰি মন্দিৰৰ আক্ৰমণৰ ঘটনাৰ
দোষ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...