ক’ভিডৰ কালৰূপ! গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০ শিক্ষাৰ্থী কভিড পজিটিভ

গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত সংক্ৰমণ কভিড ভাইৰাছৰ। জালুকবাৰীস্থিত বিশ্ববিদ্যালয় চৌহদত পোহৰলৈ আহিছে কভিডৰ ভয়াৱহ ৰূপ। এতিয়ালৈকে ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড ভাইৰাছ। এ টি-9 হোষ্টেলত ১০জনৰ দেহত পোৱা গৈছে কোভিড পজিটিভ। ইয়াৰ লগতে RCC6 আৰু RRC5 হোষ্টেলতো পোৱা গৈছে কভিড পজিটিভ। কোভিড সংক্ৰমণ হোৱা হোষ্টেলসমূহৰ ভিতৰত আছে AT2 আৰু AT3 হোষ্টেলো।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিশ্ববিদ্যালয়খনত কৰা হৈছিল কভিড পৰীক্ষা। RTPCR টেষ্টত ধৰা পৰে ১২গৰাকী কভিড পজিটিভ শিক্ষাৰ্থী। কভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীকেইগৰাকীক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ। স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ লগে লগে খুলি দিয়া হৈছিল হোষ্টেলসমূহ। নিয়মীয়া পাঠদান অব্যাহত থকাৰ মাজতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত কভিডৰ কালৰূপ পোহৰলৈ আহিছে। ইতিমধ্য়ে আৰু অধিক শিক্ষাৰ্থীৰ গালৈ যাতে এই ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...