ঈদৰ পূৰ্বে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহৰ ব্যৰ্থচেষ্টা, এইবাৰ নাৱত চলিল আৰক্ষীৰ অভিযান

এইবাৰ যাত্ৰীবাহী নাৱত আৰক্ষীৰ অভিযান। দক্ষিণ শালমাৰাৰ বালাপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত যাত্ৰীবাহী নাৱত অভিযান আৰক্ষীৰ। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফ চিৰাপসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ীক।

ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা মানকাচৰৰ হামিদুৰ ইছলাম আৰু জিয়াৰুল ইছলাম। কোচবিহাৰৰ পৰা ধুবুৰী হৈ যাত্ৰীবাহী নাৱেৰে মানকাচৰলৈ গৈছিল দুয়ো। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত খবৰ পাই নাৱত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰি দুয়োক কৰায়ত্ত কৰে। জিলা উপ আৰক্ষী অধীক্ষক এছ চাংচানৰ নেতৃত্বত দক্ষিণ শালমাৰা থানাৰ এ এছ আই দাৰুল ইছলামে চলাইছিল এই অভিযান। ড্ৰাগছখিনি ঈদৰ পূৰ্বে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...