ঈদৰ পূৰ্বে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহৰ ব্যৰ্থচেষ্টা, এইবাৰ নাৱত চলিল আৰক্ষীৰ অভিযান

এইবাৰ যাত্ৰীবাহী নাৱত আৰক্ষীৰ অভিযান। দক্ষিণ শালমাৰাৰ বালাপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত যাত্ৰীবাহী নাৱত অভিযান আৰক্ষীৰ। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফ চিৰাপসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ীক।

ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা মানকাচৰৰ হামিদুৰ ইছলাম আৰু জিয়াৰুল ইছলাম। কোচবিহাৰৰ পৰা ধুবুৰী হৈ যাত্ৰীবাহী নাৱেৰে মানকাচৰলৈ গৈছিল দুয়ো। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত খবৰ পাই নাৱত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰি দুয়োক কৰায়ত্ত কৰে। জিলা উপ আৰক্ষী অধীক্ষক এছ চাংচানৰ নেতৃত্বত দক্ষিণ শালমাৰা থানাৰ এ এছ আই দাৰুল ইছলামে চলাইছিল এই অভিযান। ড্ৰাগছখিনি ঈদৰ পূৰ্বে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...