মুম্বাই আক্ৰমণৰ ১৪ বছৰ…

২০০৮ চনৰ আজিৰ দিনটোতে মুম্বাইত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। পাকিস্তানৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ ১০টা উগ্ৰপন্থীয়ে চহৰখনৰ বিভিন্ন প্ৰান্তত বোমা আৰু বন্দুকৰে ধ্বংসলীলা সংঘটিত কৰিছিল। এই আক্ৰমণত ১৬৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে কেইবাজনো আছিল বিদেশী নাগৰিক। আহত হৈছিল ৩০০ৰো অধিক লোক। বিশ্বৰ বহু দেশে এই ঘটনাক তীব্ৰ গৰিহণা দিছিল। ইজৰাইলৰ লোকসকলো এই ঘটনাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰিছে। কাৰণ এই ঘটনাত ৬ জন ইহুদীয়ে প্ৰাণ হেৰুৱাইছিল। এই আক্ৰমণত পিতৃ-মাতৃক হেৰুৱাইছিল দুবছৰীয়া ইহুদী শিশু মোশ্বে হোলজবাৰ্গে।

ভাৰতৰ নিৰাপত্তা বাহিনীয়েও পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল। আৰু উগ্ৰপন্থীৰ সৈতে হোৱা আক্ৰমণত নিহত হৈছিল ৯ জন পাকিস্তানী উগ্ৰপন্থী। ইয়াৰ অন্তিমজন জীৱিত উগ্ৰপন্থী আজমল কাছাৱক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গ্ৰেপ্তাৰৰ চাৰি বছৰৰ পাছত ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিয়া হৈছিল কাছাৱক।

মুম্বাই আক্ৰমণৰ ১৪ বছৰ পাৰ হৈ গ’ল। কিন্তু, সেই ক’লা দিনটোক আজিও পাহৰিব পৰা নাই দেশবাসীয়ে। নিজৰ কৰ্তব্য বীৰদৰ্পে পালন কৰি প্ৰাণ আহুতি দিয়া সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে। টুইটাৰযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে লিখে – সেইদিনা আমি যিসকলক হেৰুৱালোঁ তেওঁলোকক গোটেই দেশখনে কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁলোকৰ পৰিয়ালৰ অন্তহীন যন্ত্ৰণা আমি অনুভৱ কৰিব পাৰো। সাহসেৰে যুঁজি কৰ্তব্যৰ বাবে প্ৰাণ আহুতি দিয়া নিৰাপত্তাৰক্ষীসকলক সমগ্ৰ দেশে সন্মান জনাইছে।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও টুইটাৰযোগে লিখিছে, মানৱতাৰ বাবে সন্ত্ৰাসবাদ অতি বিপজ্জনক। আজি সমগ্ৰ বিশ্বই ২৬/১১ৰ ভুক্তভোগীসকলৰ স্মৃতিত ভাৰতৰ কাষত থিয় দিছে। যিসকলে এই আক্ৰমণৰ পৰিকল্পনা আৰু তদাৰক কৰিছিল তেওঁলোকক ন্যায়ৰ ওচৰলৈ আনিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...