গুৱাহাটী পালেহি অ’মিক্ৰন, ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত মাৰাত্মক অ’মিক্ৰন

সোণাপুৰৰ ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত অ’মিক্ৰনৰ উপস্থিতি। দাস উপাধিৰ কিশোৰগৰাকীয়ে যোৱা ২২ ডিচেম্বৰত মেঘালয়ত কভিড পৰীক্ষা কৰাৰ অন্তত মঙলবাৰে অহা ফলাফল অনুসৰি অমিক্ৰণৰ অৱস্থিতি স্থিতি ধৰা পৰে। কৰ্মসূত্ৰে পিতৃ মুম্বাইত থকাত মাতৃয়ে ডিগাৰু তিনিআলিত চলায় এখন বস্ত্ৰ বিপনী। আজি পুৱাৰ ভাগতে স্বাস্থ্য বিভাগৰ দল আৰু সোণাপুৰ আৰক্ষীয়ে ডিগাৰুৰ উক্ত ভাড়াঘৰটোত উপস্থিত হয় যদিও পৰিয়ালৰ কোনো লোককে পাবলৈ সক্ষম নহ’ল। ইতিমধ্যে স্বাস্থ্য বিভাগে উক্ত গৃহৰ চৌহদ নিষিদ্ধ এলেকা ৰূপে ঘোষণা কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনো ছীল কৰি দিয়ে। আনহাতে চুবুৰীয়া আটাইৰে কভিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ অভিযান অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...