গুৱাহাটী পালেহি অ’মিক্ৰন, ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত মাৰাত্মক অ’মিক্ৰন

সোণাপুৰৰ ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত অ’মিক্ৰনৰ উপস্থিতি। দাস উপাধিৰ কিশোৰগৰাকীয়ে যোৱা ২২ ডিচেম্বৰত মেঘালয়ত কভিড পৰীক্ষা কৰাৰ অন্তত মঙলবাৰে অহা ফলাফল অনুসৰি অমিক্ৰণৰ অৱস্থিতি স্থিতি ধৰা পৰে। কৰ্মসূত্ৰে পিতৃ মুম্বাইত থকাত মাতৃয়ে ডিগাৰু তিনিআলিত চলায় এখন বস্ত্ৰ বিপনী। আজি পুৱাৰ ভাগতে স্বাস্থ্য বিভাগৰ দল আৰু সোণাপুৰ আৰক্ষীয়ে ডিগাৰুৰ উক্ত ভাড়াঘৰটোত উপস্থিত হয় যদিও পৰিয়ালৰ কোনো লোককে পাবলৈ সক্ষম নহ’ল। ইতিমধ্যে স্বাস্থ্য বিভাগে উক্ত গৃহৰ চৌহদ নিষিদ্ধ এলেকা ৰূপে ঘোষণা কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনো ছীল কৰি দিয়ে। আনহাতে চুবুৰীয়া আটাইৰে কভিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ অভিযান অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...