কাজিৰঙাত আৰম্ভ ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট

কাজিৰঙাত আৰম্ভ ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ উপস্থিতিত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰ্যটন ক্ষেত্ৰৰে জড়িত ৩ শতাধিক প্ৰতিনিধি উপস্থিত কাজিৰঙাত। ১৪খনকৈ বিদেশী ৰাষ্ট্ৰৰ পৰাও আহিছে অৰ্ধশতাধিক প্ৰতিনিধি। অসমকে ধৰি উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনক দেশৰ লগতে বিদেশতো পুনৰ এবাৰ পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে বুধবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হৈছে ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টখনে এইবাৰ সামৰি লৈছে উত্তৰ–পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যকে। আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত অংশগ্ৰহণৰ উদ্দ্যেশেৰে ইতিমধ্যে কাজিৰঙাত আহি উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাখনো বিদেশী ৰাষ্ট্ৰৰো প্ৰতিনিধি। মূলতঃ পৰ্যটনৰ সৈতে জড়িত টুৰ অপাৰেটৰ, ইউটিউবাৰ, ব্ল’গাৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধি আহিছে কাজিৰঙালৈ। থাইলেণ্ড, ভিয়েটনাম, স্পেইনসহ ১৪খন বিদেশী ৰাষ্ট্ৰৰ পৰা আহিছে প্ৰতিনিধি। পৰ্যটন মাৰ্টলৈ অহা প্ৰতিনিধিসকলৰ সমস্ত ব্যয় বহন কৰিছে পৰ্যটন বিভাগে। বিশেষ বিমানেৰে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনা হৈছে দেশী–বিদেশী প্ৰতিনিধিক। ডিব্ৰুগড়ৰ পৰা চৰাইদেউ-শিৱসাগৰ হৈ কাজিৰঙালৈ আহিছে প্ৰতিনিধিসকল। কাজিৰঙাত প্ৰতিনিধিসকলৰ থকা-খোৱাৰ সকলো ব্যৱস্থা কৰিছে পৰ্যটন বিভাগে। দেশী-বিদেশী প্ৰায় ৩ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত।

বুধবাৰৰ পৰা কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুসহ উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকল। শুভাৰম্ভ অনুষ্ঠানৰ অন্ততঃ আয়োজিত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দাবী। কাজিৰঙাৰ পৰ্যটন মাৰ্টে ভৱিষ্যতলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব অসমত

সংবাদমেলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে কাজিৰঙাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। বিগত বৰ্ষত কাজিৰঙালৈ আহিছে প্ৰায় ১০ লাখ দেশী–বিদেশী পৰ্যটক।

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত বৰ্তমানো থকা কেইবাটাও প্ৰত্যাহ্বান সন্দৰ্ভতো সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সীমিত বিমানৰ চলাচল এক উল্লেখনীয় প্ৰত্যাহ্বান। পাহাৰীয়া ৰাজ্যসমূহৰ বাট-পথো পৰ্যটকৰ বাবে আন এক প্ৰত্যাহ্বান।

তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমানো বহু বিদেশী ৰাষ্ট্ৰই অসমকে ধৰি উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহ ভ্ৰমণৰ ক্ষেত্ৰত বাধা–নিষেধ দি ৰখাৰ ফলত বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা হ্ৰাস পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে বিদেশী ৰাষ্ট্ৰদূত সকলৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে–মণিপুৰৰ পৰিস্থিতিৰ সৈতে সম্পৰ্ক নাই উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ। এই সন্দৰ্ভত দেশী–বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহকো বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লক্ষ্যণীয়ভাৱে অসমতো বৰ্তমানো পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বহু কাম কৰিবলৈ বাকী আছে। তেনে ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজনৰ সমান্তৰালকৈ কাজিৰঙাৰ উপৰিও ৰাজ্যখনৰ অন্যান্য পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ, প্ৰসাৰ তথা উন্নয়নৰ ক্ষেত্ৰতো চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনাইছে স্থানীয় পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...