আফগানিস্তানৰ মহিলাক কৰ্মক্ষেত্ৰত যোগদানৰ অনুমতি

আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছত মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তালিবানে। অৱশেষত সকলো ভয় কাতি কৰি ১২গৰাকী আফগান মহিলা কর্মক্ষেত্রলৈ ঘূৰি আহিছে। কাবুল বিমানবন্দৰত কাম কৰে এই মহিলাসকলে। দেওবাৰে মহিলাসকলে বিমানবন্দৰৰ কামত আহি যোগদান কৰিছে। সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি তালিবানৰ দখললৈ যোৱাৰ পূর্বে কাবুল বিমানবন্দৰত ৮০গৰাকী মহিলাই কাম কৰিছিল।

Under new rules, women may work "in accordance with the principles of Islam", the Taliban have decreed, but few details have yet been given as to what exactly that might mean

এই ৮০গৰাকী মহিলাৰ ভিতৰত মাত্র ১২গৰাকীহে কর্মক্ষেত্রলৈ উভতি আহিছে। লক্ষণীয়ভাৱে তালিবানে এই ১২গৰাকী মহিলাক কামত যোগদান কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে। কিন্তু অন্য মহিলাসকলে এতিয়াই কামত যোগদান কৰিব নোৱাৰিব। তালিবানৰ সূত্রই সদৰী কৰা অনুসৰি পৰৱর্তী নির্দেশ নিদিয়ালৈকে অন্য মহিলাসকলক ঘৰতেই থাকিবলৈ আহ্বান জনোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল...

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা দেৱজিৎ...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ...