২৪ দিনত ১১৯বাৰ সোনমৰ সৈতে ফোনত বাৰ্তালাপ; হানিমুন হত্যাকাণ্ডৰ ‘নতুন চৰিত্ৰ’

তেতিয়া দুটা পৰিয়ালত বিয়াৰ প্ৰস্তুতি চলি আছিল। ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীৰ পৰিয়ালত বিয়াৰ বাবে হৈ-চৈ লাগি আছিল। তেনে সময়ত সোনমে এজন ব্যক্তিৰ সৈতে ফোনত দীঘলীয়া কথা-বতৰা পাতিছিল। তেওঁ সোনমৰ প্ৰেমিক তথা ৰাজ কুশ্বৱাহাও নাছিল। তেওঁৰ নাম সঞ্জয় বাৰ্মা। মেঘালয়ত ৰাজাৰ হত্যাকাণ্ডৰ তদন্তত মেঘালয় আৰক্ষীয়ে এই নতুন চৰিত্ৰৰ সন্ধান পাইছে। তেওঁ কোন? সোনমৰ সৈতে তেওঁৰ সম্পৰ্ক কি আছিল? ৰাজাৰ হত্যাৰ সৈতে তেওঁৰ কোনো যোগসূত্ৰ আছে নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত চলাইছে মেঘালয় আৰক্ষীয়ে।

ৰাজাৰ হত্যাৰ সন্দৰ্ভত এতিয়ালৈকে ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলৰ ভিতৰত আছে ৰাজাৰ পত্নী সোনম, সোনমৰ প্ৰেমিক ৰাজ আৰু তিনিটা চুপাৰি কিলাৰ। তেওঁলোকৰ মোবাইল ফোন পৰীক্ষা কৰি আৰক্ষীয়ে বিভিন্ন তথ্য পাইছে। তাৰ ভিতৰত কিছু তথ্য এই হত্যাকাণ্ডৰ তদন্তৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি আৰক্ষীয়ে জনাইছে। এনে প্ৰেক্ষাপটত এজন নতুন ব্যক্তিৰ নাম পোহৰলৈ আহিছে। সোনমৰ মোবাইল পৰীক্ষা কৰি বিশেষ তদন্তকাৰী দলে (এছ আই টি) জানিব পাৰিছে যে, ২৪ বছৰীয়া এই যুৱতীগৰাকীয়ে সঞ্জয় নামৰ এজন ব্যক্তিৰ সৈতে প্ৰায়ে ফোনত কথা-বতৰা পাতিছিল। ‘কল ডেটা ৰেকৰ্ড’ পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰিছে যে, চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ সোনম আৰু এই ব্যক্তিজনৰ মাজত মুঠ ১১৯বাৰ ফোনত কথা-বতৰা হৈছে। কিন্তু বৰ্তমান সঞ্জয় নামৰ এই ব্যক্তিজনৰ মোবাইল ফোন বন্ধ হৈ আছে।

উল্লেখযোগ্য যে, এম বি এ ডিগ্ৰীধাৰী সোনমৰ সৈতে ব্যৱসায়ী ৰাজাৰ বিয়া বিগত ১১ মে’ত সম্পন্ন হৈছিল। এসপ্তাহৰ পিছত ইন্দোৰৰ এই নৱদম্পতি মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ যায়। ২১ মে’ত তেওঁলোক শ্বিলঙৰ বালাজি গেষ্ট হাউচত থাকে। পিছদিনা এখন ভাৰা কৰা স্কুটাৰ লৈ শ্বিলঙৰ পৰা ছোহৰা ভ্ৰমণ কৰিবলৈ যায়। তাৰ পিছত তেওঁলোকৰ কোনো খবৰ পোৱা নগৈছিল। তদন্তত পোহৰলৈ আহিছে যে, বিগত ২৩ মে’ত ৰাজা আৰু সোনমক বহু লোকে দেখিছিল। ২৪ মে’ত ছোহৰাত তেওঁলোকৰ ভাৰা কৰা স্কুটাৰখন পৰি থকা দেখা পায় আৰক্ষীয়ে।

কেইবাদিন ধৰি তালাচীৰ পিছত নিৰুদ্দিষ্ট ৰাজাৰ নিথৰ দেহ এটা জলপ্ৰপাতৰ ওচৰত পোৱা গৈছিল। সেইটো আছিল ২ জুনৰ কথা। ঘটনাক্ৰমে এসপ্তাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা ৰাজাৰ পত্নী সোনমক গ্ৰেপ্তাৰ কৰা হয়। পিছত গ্ৰেপ্তাৰ কৰা হয় সোনমৰ প্ৰেমিক আৰু তিনিটা হত্যাকাৰীক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, দুখন দাৰে ৰাজাক হত্যা কৰা হৈছিল। প্ৰথম আঘাতটো কৰিছিল তিনিটা হত্যাকাৰীৰ এজন বিশাল সিং চৌহানে। ৰাজা যেতিয়া যন্ত্ৰণাত ছটফটাই আছিল, তেতিয়া পত্নী সোনমে মুখ ঘূৰাই কিছু দূৰলৈ গৈছিল। স্বামীৰ হত্যাৰ পিছত তেওঁ পুনৰ ঘটনাস্থলীত উপস্থিত হৈ দেহ স্থানান্তৰ কৰাৰ কামত সহায় কৰিছিল। ইয়াৰ উপৰি জানিব পৰা গৈছে যে, হত্যাৰ বাবে নিৰ্বাচিত কৰা হৈছিল নিৰ্জন ওৱেই চাওডং জলপ্ৰপাত এলেকা। প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিৰ আশংকা নথকা বুলি ধৰি এই পৰিকল্পনা কৰা হৈছিল। হত্যাকাণ্ডৰ ক্ৰাইম চিন ৰিক্ৰিয়েচনৰ বাবে মঙলবাৰে গ্ৰেপ্তাৰ কৰা পাঁচজন অভিযুক্তক লৈ আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈছিল। তাত হত্যাত ব্যৱহৃত দ্বিতীয়খন দা উদ্ধাৰ কৰা হৈছে। এতিয়া আৰক্ষীয়ে সঞ্জয় বাৰ্মাৰ ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...