কৰ্কট ৰোগ প্ৰতিৰোধতো সহায় কৰে আমে! ফলৰ ৰজা আমৰ নজনা ১১টা পুষ্টিগুণ

এতিয়া গ্ৰীষ্মকাল। আমৰ বতৰ। অবূৰ্ব সোৱাদ সমৃদ্ধ ভিন ভিন প্ৰকাৰৰ আমসমূহেৰে উপলব্ধ হব বজাৰ। বতৰৰ ফল হিচাপে আম খোৱাৰ আছে বহুকেইটা স্বাস্থ্যসন্মত গুণ। বিশেষকৈ মহিলাসকলৰ বাবে অতিকৈ লাভজনক এই আম। পেটৰ পৰা ছালৰ চুলিলৈকে বিভিন্ন সমস্যা সমাধান কৰাত আমৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। পুষ্টিবিদসকলৰ মতে, আমত উচ্চ পৰিমাণৰ ভিটামিন চি, লগতে আঁহ থাকে। তেজত থকা বেয়া কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে আমে। আমত থাকে এণ্টিঅক্সিডেণ্ট, যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আমে মহিলাৰ স্তন কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। মানৱ শৰীৰৰ ভিটামিন এৰ প্ৰয়োজনীয়তাৰ প্ৰায় 25% বৃদ্ধি কৰিব পাৰে আমে। ভিটামিন এ চকুৰ বাবে অতি উপকাৰী। আমে দৃষ্টিশক্তি বৃদ্ধি কৰে। ছালৰ যত্নৰ ক্ষেত্ৰতো আমে এক মহান ভূমিকা পালন কৰে। আমৰ আঁহত থকা ভিটামিন চি-য়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আনকি আমৰ বটা সানিলেও, ছাল ছিদ্ৰবোৰত জমা হোৱা লেতেৰাবোৰ পৰিষ্কাৰ কৰা হয়। যিসকলে হজমৰ সমস্যাত ভুগি আছে, তেওঁলোকে গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ আম খাব পাৰে। আমত উপকাৰী এনজাইম থাকে, যি শৰীৰৰ প্ৰ’টিন অণুবোৰ ভাঙি পেলোৱাত সহায় কৰে আৰু হজম বৃদ্ধি কৰাতো সহায় কৰে।

9 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ...

ভাৰতৰ সৈতে যুদ্ধ কিয় পাকিস্তানৰ বাবে অৰ্থনৈতিক আত্মহত্যা?

পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সংকটৰ মুখামুখি। কোটি কোটি টকাৰ বিদেশী...

ভাৰতীয় সেনাই ১৯৭১ চনত এই পাকিস্তানী অঞ্চলসমূহ দখল কৰিছিল, ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত ঘূৰাই দিছিল…

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও...

পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ...