২৮ ঘণ্টাৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল ১০ মহলীয়া অট্টালিকা

গুৱাহাটী, ১৯ জুন, NKTV: এটা দহ মহলীয়া অট্টালিকা সাজি উলিয়াবলৈ বাৰু কিমান সময়ৰ প্ৰয়োজন হ’ব পাৰে? ইয়াৰ উত্তৰ হিচাপত আপুনি হয়তো ক’ব কমেও সম্পূৰ্ণ এটা মাহ। নহয় জানো! কিন্তু আপুনি হয়তো শুনি আচৰিত হ’ব চীনত আছে এটা এনে অট্টালিকা যিটো মাত্ৰ ২৮ ঘণ্টা ৪৫ মিনিটৰ ভিতৰতেই নিৰ্মাণ কৰি তোলা হৈছে। আচৰিত যেন লাগিলেও এয়া একেবাৰেই সত্য। এই অট্টালিকাটো প্ৰায় এটা দিনত সাজি উলিওৱাৰ আঁৰত আছে এক বিশেষ ৰহস্য। চীনত থকা এটা কোম্পানীয়ে প্ৰায় এটা দিনৰ ভিতৰতেই এই বিশেষ দহ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি উলিওৱাৰ বাবে দুঃসাহস কৰিছিল আৰু বৰ্তমান সফলো হৈছে। এই বিশেষ অট্টালিকা নিৰ্মাণ কৰা চীনৰ কোম্পানীটোৰ নাম হৈছে ব্ৰড গ্ৰুপ (BROAD GROUP)। এই নিৰ্মাতা উদ্যোগটোৱে এক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়ালে এই আশ্বৰ্য্যজনক অট্টালিকাটো। চীনৰ ছাংগচাত অৱস্থিত এই বিশেষ অট্টালিকাটো মাত্ৰ ২৮ ঘণ্টা আৰু ৪৫ মিনিটত নিৰ্মাণ কৰি তোলা হৈছে। SELF-CONTAINED MODULAR UNITSৰ জৰিয়তে এটাৰ ওপৰত লগ লগাই মাত্ৰ ২৮ ঘণ্টা আৰু ৪৫ মিনিটতেই নিৰ্মাণ কৰি তোলা হ’ল এই অদ্ভুত অট্টালিকাটো। এই অট্টালিকাটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই তাত পানী আৰু বিদ্যুতৰ সু-ব্যৱস্থা কৰি দিয়া হৈছিল।
অট্টালিকা নিৰ্মাণৰ কাৰণে ব্যৱহৃত SELF-CONTAINED MODULAR UNITS সমূহ পূৰ্বতেই ফেক্টৰীত নিৰ্মাণ কৰি তোলা হৈছিল। ‘ব্ৰড গ্ৰুপ’ৰ’LIVING BUILDING’নামৰ অট্টালিকা নিৰ্মাণৰ এই নতুন পদ্ধতিটো পৰিৱহনৰ সুবিধা তথা সহজে স্থাপন কৰিব পৰাকৈ ইয়াত বিশেষ ধৰণৰ উপাদান ব্যৱহাৰ কৰা হৈছে। এই কণ্টেইনাৰসমূহ সহজে নিৰ্মাণক্ষেত্ৰলৈ লৈ যাব পাৰি লগতে সহজে একেলগে সংযুক্ত কৰি এটা অট্টালিকা অতি কম সময়ৰ ভিতৰতেই নিৰ্মাণ কৰি তুলিব পৰা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...