মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি চুলে অভিনেতা ৰজনীকান্তে

শেহতীয়াকৈ অভিনেতা ৰজনীকান্ত আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে। য’ত অভিনেতাজনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি স্পৰ্শ কৰা দেখিবলৈ পোৱা গৈছে।

কিছুদিন পূৰ্বে অভিনেতা ৰজনীকান্তে তেওঁৰ আহিবলগীয়া চিনেমা ‘জেইলাৰ’ (JAILER)ৰ প্ৰমোচনৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌলৈ গৈছিল। লক্ষ্নৌত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালতে অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়। ইয়াৰ পাছতে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ মুখামুখি হ’ব লগা হয় অভিনেতাগৰাকী। কাৰণ অভিনেতাগৰাকীৰ বয়স ৭২বছৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বয়স ৫২হয়। ইয়াৰ পাছতে তেওঁলোকৰ এখন স্থিৰ চিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ইয়াৰ মাজতে আকৌ বহুজনে মন্তব্যও কৰিছে — মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বয়স অভিনেতাজনতকৈ বহুত কম, এনে অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীয়েহে অভিনেতাজনৰ ভৰি চুব লাগিছিল। শেহতীয়াকৈ এই বিষয়টো সন্দৰ্ভত অভিনেতাজনে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্যও কৰিছে। ৰজনীকান্তে কয় যে, “তেওঁ লাগিলে সন্যাসীয়েই হওঁক বা যোগীয়েই হওঁক, যদি তেখেত মোৰ বয়সতকৈ সৰুও হয়, মোৰ এয়া অভ্যাসেই যে মই তেওঁৰ ভৰি স্পৰ্শ কৰো

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...