বিশ্বকাপ ক্ৰিকেটৰ ভেন্যুত স্থান নাপালে ACA ষ্টে়ডিয়ামে

আহিল আকৌ বিশ্বকাপ ক্ৰিকেট৫অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব ক্ৰিকেট বিশ্বকাপ ২০২৩। দেশৰ আগশাৰীৰ ১০ খন ষ্টে়ডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ খেলসমূহ। ২০২৩ বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী ইতিমধ্যে প্ৰকাশ পালে। কিন্তু অতিকৈ দুখৰ বিষয় বিশ্বকাপ ক্ৰিকেটৰ সূচীত স্থান লাভ নকৰিলে অসমৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামে। কিন্তু কিয় ACA ষ্টেডিয়ামে নাপালে যোগ্যতা? অত্যাধুনিক সা-সুবিধা থকাৰ পাছতো বঞ্চিত হ’ল ACA ষ্টেডিয়াম? মেলৰ সূচী প্ৰকাশ পোৱাৰ পাছতেই গৰজি উঠিল ক্ৰীড়াপ্ৰেমী। BCCIৰ যুটীয়া সচিবৰ পদ শুৱনি কৰিছে অসম সন্তান দেৱজিত লন শইকীয়াই। BCCIৰ যুটীয়া সচিবৰ দৰে পদত থকাৰ পাছতো দেৱজিত শইকীয়াই গুৱাহাটীলৈ কিয় আনিব নোৱাৰিলে বিশ্বকাপৰ এখনা খেল? পূৰ্বে ACAষ্টেডিয়ামত অনুষ্ঠিত খেলত দৰ্শকেৰে ঠাহ খাই আছিল গেলাৰী। তাৰ পাছতো কিয় অসমে নাপালে এখনো খেল ? বিশ্বকাপৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীত ভাৰত-ইংলেণ্ডৰ টেষ্ট মেছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত। ৰঙা বলৰ দুখনকৈ পিটছ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে ACA ষ্টেডিয়ামত। প্ৰশ্ন হয় বিশ্বকাপৰ পৰা বঞ্চিত কৰি বৰ্ষাপাৰাত অনুষ্ঠিত কৰিব বিচাৰিছে নেকি টেষ্ট মেটছ? টেষ্ট মেটছ অনুষ্ঠিত হলে অসমৰ জানো কিবা লাভ হব? ৫ দিনীয়া টেষ্ট চাবলৈ কিমান দৰ্শক যাব সেয়াও হ’ব লক্ষ্যণীয়। কিন্তু বিশ্বকাপৰ ভেন্যুৰ পৰা গুৱাহাটী বঞ্চিত হোৱাৰ আঁৰৰ কাৰণ সদৰি কৰিবনে অসম ক্ৰিকেট সন্থাই ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...