জোনাইৰ নদীদ্বীপ কবু চাপৰিত জীৱ-জন্তুৰ মুক্ত বিচৰণ

বেদখল মুক্ত হোৱাৰ পিছতে জোনাইৰ কবু চাপৰিত প্ৰাণ পাই উঠিছে প্ৰকৃতিয়ে। চৌদিশে নিৰিবিলি হৈ পৰাত চৰাই-চিৰিকটিৰ গুঞ্জনত মুখৰিত হৈ পৰিছে চৌদিশ। আকৌ প্ৰাণৱন্ত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰি। অৰুণাচল প্ৰদেশৰ দি ইৰিং, ডিব্ৰু চৈখোৱা আৰু জোনাইৰ পবা বৰ্ষাৰণ্যৰ গাতে লাগি থকা চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ মধ্য ভাগত থকা অসমৰ দ্বিতীয় সৰ্ববৃহৎ নদীদ্বীপ হ’ল কবু চাপৰি।

দশক দশক ধৰি বেদখল কাৰীৰ দপ দপনিৰ হোৱা কবু চাপৰি ভূমি বন বিভাগৰ দ্বাৰা বে-দখল মুক্ত হোৱাৰ পিছত ভাঁহি উঠিছে এখন পশু-পক্ষীৰ বিচৰণৰ এক দৃষ্টিনন্দন দৃশ্য। ডিব্ৰু চৈখোৱাৰ বনৰীয়া ঘোঁৰাৰ এটা যাকে মুক্ত মনে বিচৰণ কৰিছে কবু চাপৰিৰ বক্ষত। কবু চাপৰিৰ জনশূণ্য পৰিৱেশ নিৰিবিলি হৈ পৰাত চৰাই-চিৰিকটিৰ গুঞ্জনত মুখৰিত হৈ পৰিছে চৌদিশ। কবু চাপৰিখন আকৌ এবাৰ জীৱ কূলৰ বাবে মুক্ত বিচৰণ স্থলী হোৱাৰ বাবে উৎফুল্লিত হয় পৰিল প্ৰকৃতি প্ৰেমীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...