জোনাইৰ নদীদ্বীপ কবু চাপৰিত জীৱ-জন্তুৰ মুক্ত বিচৰণ

বেদখল মুক্ত হোৱাৰ পিছতে জোনাইৰ কবু চাপৰিত প্ৰাণ পাই উঠিছে প্ৰকৃতিয়ে। চৌদিশে নিৰিবিলি হৈ পৰাত চৰাই-চিৰিকটিৰ গুঞ্জনত মুখৰিত হৈ পৰিছে চৌদিশ। আকৌ প্ৰাণৱন্ত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰি। অৰুণাচল প্ৰদেশৰ দি ইৰিং, ডিব্ৰু চৈখোৱা আৰু জোনাইৰ পবা বৰ্ষাৰণ্যৰ গাতে লাগি থকা চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ মধ্য ভাগত থকা অসমৰ দ্বিতীয় সৰ্ববৃহৎ নদীদ্বীপ হ’ল কবু চাপৰি।

দশক দশক ধৰি বেদখল কাৰীৰ দপ দপনিৰ হোৱা কবু চাপৰি ভূমি বন বিভাগৰ দ্বাৰা বে-দখল মুক্ত হোৱাৰ পিছত ভাঁহি উঠিছে এখন পশু-পক্ষীৰ বিচৰণৰ এক দৃষ্টিনন্দন দৃশ্য। ডিব্ৰু চৈখোৱাৰ বনৰীয়া ঘোঁৰাৰ এটা যাকে মুক্ত মনে বিচৰণ কৰিছে কবু চাপৰিৰ বক্ষত। কবু চাপৰিৰ জনশূণ্য পৰিৱেশ নিৰিবিলি হৈ পৰাত চৰাই-চিৰিকটিৰ গুঞ্জনত মুখৰিত হৈ পৰিছে চৌদিশ। কবু চাপৰিখন আকৌ এবাৰ জীৱ কূলৰ বাবে মুক্ত বিচৰণ স্থলী হোৱাৰ বাবে উৎফুল্লিত হয় পৰিল প্ৰকৃতি প্ৰেমীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...