আলফা সদস্য মানস সঁচাকৈয়ে আৰক্ষীৰ চোৰাংচোৱা নেকি?

গুৱাহাটীৰ বেলতলাৰ ৰয়েল এনক্লেভৰ এটা ফ্লেটত চলিছিল আলফা (স্বাঃ)লৈ যোৱা অসম আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট মানস বৰগোঁহাইৰ প্ৰশিক্ষণ। তোমালোকে মোক পাহৰিলা বুলি একেলগে প্ৰশিক্ষণ লোৱা একাংশ সতীৰ্থলৈ আকুল আহ্বান মানসৰ। মঙলবাৰে আলফা স্বাধীনে NKTVলৈ প্ৰেৰণ কৰিলে ধৃত মানস বৰগোঁহাইৰ দ্বিতীয়টো ভিডিঅ’। এই ধাৰাবাহিক ভিডিঅ’ই জোকাৰণি তুলিছে অসম আৰক্ষীত। কেনেকৈ ফাদিল হ’ল আণ্ডাৰ ক’ভাৰ এজেন্টৰ সমগ্ৰ তথ্য? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক। আৰু এনে সময়তে পৰেশ বৰুৱালৈ আহ্বান ৰাজ্যৰ সচেতন মহলৰ। মানসক মৃত্যুদণ্ড নিদিব।

আলফা (স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট
ধৃত মানস বৰগোঁহাইৰ দ্বিতীয়টো বিস্ফোৰক ভিডিঅ’
মানসৰ ভিডিঅ’ক লৈ অসম আৰক্ষীত জোকাৰণি
আৰক্ষীৰ শীৰ্ষ বিষয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ধমক
বেলতলাৰ ফ্লেটত হৈছিল আণ্ডাৰ ক’ভাৰ এজেন্টৰ প্ৰশিক্ষণ
মানস চলিহা আৰু তৃষ্ণা গগৈয়ে দিছিল প্ৰশিক্ষণ
আণ্ডাৰ ক’ভাৰ এজেন্ট
আলফা (স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট
মানস বৰগোঁহাই ওৰফে মুকুট অসমৰ ২য়টো ভিডিঅ’

প্ৰথমেই আৰক্ষীয়ে আৰক্ষীয়ে দিয়া SI মানস বুঢ়াগোহাঞি আৰু আলফা (স্বাঃ)ই দিয়া মানস বৰগোঁহাই সন্দৰ্ভত হোৱা বিভ্ৰান্তিৰ স্পষ্টীকৰণ। নিজকে আলফা (স্বাঃ)ৰ শবিৰিত নিয়োজিত আৰক্ষীৰ বিশেষ শাখাৰ SI বুলি চিনাকী দিয়াজন মানস বৰগোঁহাই। আৰু ২০২১ চনত অসম আৰক্ষীত SI হিচাপে নিযুক্তি পোৱাজন মানসজ্যোতি বুঢ়াগোহাঞি। সম্প্ৰতি কৰিমগঞ্জত কৰ্মৰত হৈ আছে মানস বুঢ়াগোহাঞি। দুয়োজনেই পৃথক। নামো পৃথক।

এতিয়া আহিছোঁ মূল কাহিনীৰ মানস বৰগোঁহাইৰ কাষলৈ। মঙলবাৰে আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা আহিল বন্দীত্ব অৱস্থাত থকা মানস বৰগোঁহাইৰ ২য়টো ভিডিঅ’। ভিডিঅ’টোত পুনৰ ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তি মানসৰ। মৃত্যুভয়ত কম্পমান মানসে থোকাথুকি মাতেৰে ক’লে- এবাৰ নহয়, হাজাৰবাৰ ক’ম, মই SBৰ SI। গুৱাহাটীৰ বেলতলাস্থিত ৰয়েল এনক্লেভত প্ৰশিক্ষণ লোৱাৰো কথা ক’লে মানসে। মানস চলিহা আৰু তৃষ্ণা সন্দিকৈয়ে দিছিল হেনো প্ৰশিক্ষণ।

মানসে কোৱা মানস চলিহাৰ ফটোও প্ৰেৰণ কৰিলে আলফা স্বাধীনৰ শিবিৰে। গাড়ীৰ নম্বৰপ্লেটত অসম চৰকাৰ বুলি লিখা থকা এইজন মানস চলিহাই হেনো প্ৰশিক্ষণ দিছিল মানস বৰগোঁহাইক। থানাই থানই ঘোঁৰা বুলি পৰিচিত হেনো মানস চলিহা। চোৰাংচোৱা হিচাপে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰশিক্ষণ লোৱা তালিকাত আৰু যুৱক-যুৱতীৰ নাম। মানসৰ লগতে হেনো প্ৰশিক্ষণ লৈছিল কাবেৰি, অংকিতা, চয়নিকা, ঋতুৰাজে।

মানস বৰগোঁহাইৰ স্বীকাৰোক্তিত উল্লিখিত বেলতলাৰ ৰয়েল এনক্লেভত NKTVৰ সাংবাদিক। ফ্লেটত নিৰাপত্তাৰক্ষীৰ হাতত নাই কোনো পঞ্জীয়ন বহী। ফ্লেটলৈ অহা-যোৱা কৰা লোকৰ কোনো তথ্যই নাই নিৰাপত্তাৰক্ষীৰ হাতত। কিন্তু মঙলবাৰেই দেৰগাঁৱৰ পৰা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মানস চলিহাৰ। মানস বৰগোঁহাই কোন চিনি নাপাওঁ, নামেই শুনা নাই। স্পৰ্শকাতৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদ্যভংগ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সভাপতি অৰবিন্দ ৰাজখোৱায়ো। অৰবিন্দ ৰাজখোৱাৰ মতে এয়া অসম আৰক্ষীৰ পুৰণি প্ৰক্ৰিয়া। পূৰ্বেও আলফাত আছিল আৰক্ষীৰ অজস্ৰ চোৰাংচোৱা। অনুপ চেতিয়াই ক’লে- এনে ভুলৰ শাস্তি মৃত্যুদণ্ড। কিন্তু ধৃত মানস বৰগোঁহাইক মৃত্যুদণ্ড নিদিবলৈও আহ্বান চেতিয়াৰ।

ইপিনে NKTVৰ হাতত পৰা তথ্য অনুসৰি আলফা (স্বাঃ) শিবিৰত চোৰাংচোৱাগিৰিৰ অভিযোগত ধৃত মানস বৰগোঁহাইৰ স্বীকাৰোক্তি সম্পূৰ্ণ সত্য। উগ্ৰপন্থী শিবিৰত মিছনৰ নামত প্ৰেৰণ কৰা আণ্ডাৰ ক’ভাৰ এজেন্ট এনেদৰে ধৰা পৰা পিছত মুখ্যমন্ত্ৰীৰো ধমক খাইছে আৰক্ষীৰ শীৰ্ষ বিষয়াই। সুদূৰ দিল্লীৰ পৰাও আহিছে ধমকভৰা ফোন। মন কৰিবলগীয়া যে পূৰ্বে আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত আলফা (স্বাঃ)ই মৃত্যুদণ্ড দিছিল বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মাক। সম্প্ৰতি আলফা (স্বাঃ) শিবিৰত সেই মৃত্যুদণ্ডৰ ভয়েই খেদি ফুৰিছে মানস বৰগোঁহাইক। ৰক্ষা কৰিবলৈ কোনো নাই। শীৰ্ষ আৰক্ষীয়ে ধন আৰু স্থায়ী চাকৰিৰ প্ৰলোভন দি উগ্ৰপন্থী শিবিৰলৈ চোৰাংচোৱাৰ হিচাপে প্ৰেৰণ কৰে এনে বহু যুৱকক। কিন্তু ধৰা পৰাৰ পিছত তেওঁলোকৰ ওচৰত কোনো নাথাকে। সেয়ে পৰেশ বৰুৱালৈয়ে কাতৰ আহ্বান ৰাজ্যৰ সচেতন মহলৰ। মানস বৰগোঁহাইক মৃত্যুদণ্ড নিদিব।

16 COMMENTS

  1. Hello! I could have sworn I’ve been to this blog before but after browsing through some of the post I realized it’s new to me. Anyways, I’m definitely happy I found it and I’ll be book-marking and checking back frequently!

  2. It’s really a great and helpful piece of information. I am glad that you just shared this useful information with us. Please keep us up to date like this. Thank you for sharing.

  3. Hi are using WordPress for your blog platform? I’m new to the blog world but I’m trying to get started and create my own. Do you require any coding expertise to make your own blog? Any help would be greatly appreciated!

  4. What i don’t understood is actually how you are not really much more well-liked than you might be right now. You are very intelligent. You realize therefore significantly relating to this subject, made me personally consider it from a lot of varied angles. Its like women and men aren’t fascinated unless it is one thing to do with Lady gaga! Your own stuffs great. Always maintain it up!

  5. Great – I should definitely pronounce, impressed with your web site. I had no trouble navigating through all the tabs as well as related information ended up being truly easy to do to access. I recently found what I hoped for before you know it in the least. Quite unusual. Is likely to appreciate it for those who add forums or anything, web site theme . a tones way for your client to communicate. Excellent task..

  6. Wow that was strange. I just wrote an really long comment but after I clicked submit my comment didn’t appear. Grrrr… well I’m not writing all that over again. Anyways, just wanted to say great blog!

  7. Together with everything that appears to be building inside this particular subject matter, all your perspectives are actually very refreshing. On the other hand, I beg your pardon, because I do not give credence to your entire plan, all be it exciting none the less. It seems to me that your commentary are generally not entirely validated and in reality you are your self not really totally certain of your point. In any case I did take pleasure in reading through it.

  8. I will right away clutch your rss feed as I can’t in finding your e-mail subscription link or newsletter service. Do you have any? Please allow me realize so that I may subscribe. Thanks.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চলন্ত ৰে’লত লাগিল জুই, পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ ঘটনা

বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত অগ্নিকাণ্ড। নিশা কাছাৰৰ বিহাৰা ষ্টেচনত ৰে’লখনত অগ্নিকাণ্ড।...

ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)...

বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ...

গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...