প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগিতাত প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসমৰ সাহিত্য জগতৰ পিতামহ ড০ নগেন শইকীয়াই। তেওঁ বক্তব্যত কয় যে- এটি কণমানি শিশু তেতিয়াহে প্ৰকৃত মানুহ হ’ব যেতিয়া নিজস্ব ভাষা আৰু সংস্কৃতি আহৰণ কৰিব পাৰিব।

তেওঁ লগতে কয়, ভৱিষ্যত প্ৰজন্মৰ শান্তি আৰু প্ৰগতিৰ বাবে আমি শিশুসকলক নদ, নদী, পৰ্বত, পাহাৰ, জান- জুৰিৰ কাষলৈ নিব লাগিব। সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বড়া আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া| অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা অলি খনিকৰ দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...