ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰ

ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰৰ। সোমবাৰে বিধানসভাত আস্থা ভোটৰ সন্মুখীন হৈছিল JMM নেতৃত্বাধীন ছোৰেন চৰকাৰ। আস্থা ভোটৰ সময়তে বিৰোধীয়ে সদন ত্যাগ কৰাত অনায়াসে আস্থা ভোটত বিজয়ী হয় হেমন্ত ছোৰেণ চৰকাৰ। মনোনীত সদস্য যোছেফ পি গালাষ্ট’নকে ধৰি ৪৫জন বিধায়কে হেমন্ত ছোৰেণৰ সপক্ষে ভোটদান কৰে। আস্থা ভোটৰ সময়তে বিজেপি আৰু AJSUৰ বিধায়কসকলে সদন ত্যাগ কৰে। ঝাৰখণ্ড বিধানসভাত আছে বিজেপিৰ ২৪জন আৰু AJSUৰ ৩জন বিধায়ক। আস্থা ভোটৰ সময়ত সদনত উপস্থিত আছিল মুঠ ৭৫জন বিধায়ক। নিৰ্দলীয় বিধায়ক সৰজু ৰয় ভোটদানৰ পৰা বিৰত থাকে। শাসনাধিস্থ সন্মিলিত চৰকাৰৰ সহযোগী দলসমূহৰ ভিতৰত আছে JMM, কংগ্ৰেছ আৰু RJD। হেমন্ত ছোৰেণ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন জনাইছে CPI (ML)ৰ একমাত্ৰ বিধায়কজনে। লোকসভা নিৰ্বাচনৰ পিছত JMM নেতৃত্বাধীন মিত্ৰজোঁটৰ সদস্য সংখ্যা ৪৫জনলৈ হ্ৰাস পায়। ঝাৰখণ্ডৰ ৮১জনীয়া বিধানসভাত JMMৰ ২৭জন, কংগ্ৰেছৰ ১৭জন আৰু RJDৰ এজন বিধায়ক আছে। JMMৰ ২ বিধায়কক্ৰমে নলীন ছোৰেণ আৰু জবা মাঝি সাংসদৰূপে নিৰ্বাচিত হোৱাৰ বিপৰীতে আন এজন বিধায়ক সীতা ছোৰেণে লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতাৰ বাবে পদত্যাগ কৰিছিল। উল্লেখ্য যে হেমন্ত ছোৰেণে এইবাৰ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। পূৰ্বৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেণে পদত্যাগ কৰাৰ পিছত যোৱা ৪ জুলাইত ৰাজ্যখনৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল হেমন্ত ছোৰেণে। ধন আত্মসাৎ আৰু ভূমি কেলেংকাৰি গোচৰত ED-য়ে যোৱা ৩১ জানুৱাৰীত হেমন্ত ছোৰেণক গ্ৰেপ্তাৰ কৰিছিল। ৫ মাহ ধৰি কাৰাগাৰত থকাৰ পিছত যোৱা ২৮ জুনত জামিনত মুক্তি লাভ কৰিছিল হেমন্ত ছোৰেণে।

Popular

More like this
Related

আৰক্ষীৰ নিদ্ৰাৰ সুযোগ লৈ হেণ্ডকাফসহ পলাল ২ চোৰ

পুনৰ নাক কাট খালে অসম আৰক্ষীৰ। এইবাৰ স্মাৰ্ট আৰক্ষীৰ...

হিমাচলৰ সাহিত্য উৎসৱত ইন্দ্ৰাণী মুখাৰ্জীৰ নৃত্যানুষ্ঠানক লৈ বিতৰ্ক

হিমাচলৰ সাহিত্য উৎসৱত ইন্দ্ৰাণী মুখাৰ্জীৰ নৃত্যানুষ্ঠানক লৈ বিতৰ্ক। কন্যা...

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এটা ভৱন

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা...

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...