অস্কাৰৰ বাবে মনোনীত ভাৰতৰ কোনখন তথ্যচিত্ৰ?

ঘোষণা হ’ল ৯৪ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনয়নৰ তালিকা। এইবাৰ অস্কাৰৰ দৌৰৰ শীৰ্ষত আছে দ্য পাৱাৰ অফ দ্য ডগ বোলছবিখন। মুঠ ১২টা শাখাত মনোনয়ন লাভ কৰিছে দ্য পাৱাৰ অফ দ্য ডগ চিনেমাখনে। শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা তথা সন্মানীয় শ্ৰেষ্ঠ ছবি সহ মুঠ ১০টা শিতানত অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছে ছবিখনে। অস্কাৰৰ দৌৰত দ্বিতীয় স্থানত আছে ‘ডুনে’। ‘ডুনে’ ছবিখনে মুঠ ১০টা সাখাত লাভ কৰিছে মনোনয়ন। আনহাতে তথ্য চিত্ৰৰ শাখাত মনোময়ন লাভ এখন ভাৰতীয় তথ্যচিত্ৰৰ। ৰাইটিং উইথ ফায়াৰ শীৰ্ষক ভাৰতীয় তথ্যচিত্ৰখনেও অস্কাৰৰ বাবে মনোনীত হৈছে। ইফালে ২০২২ বৰ্ষৰ সন্মানীয় একাডেমী বঁটাৰ বাবে পুনৰ মনোনীত হৈছে মোহময়ী অভিনেত্ৰী নিকোল কিডমেন। বিয়িং দ্য ৰিকাড’ছ ছবিখনত কৰা অভিনয়ৰ বাবে মনোনীত হৈছে নিকোল কিডমেন। মুঠ ৫ গৰাকী অভিনেত্ৰী তালিকাভুক্ত হৈছে অস্কাৰৰ মনোনয়ৰ চূড়ান্ত তালিকাত। একেদৰে পুনৰ অক্সাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত ডেনজেল ৱাশ্বিংটন। দ্য ট্ৰেজেডি অৱ মেকবেথ ছবিখনৰ বাবে মনোনীত হৈছে ডেনজেল ৱাশ্বিংটন। শ্ৰেষ্ঠ অভিনেতাৰ দৌৰতো আছে মুঠ ৫ গৰাকী অভিনেতা। লছ এঞ্জেলছৰ ডলভি থিয়েটাৰত ২৭ মাৰ্চত প্ৰদান কৰা হ’ব বিশ্ব চলচিত্ৰৰ অন্যতম সন্মানীয় অস্কাৰ বঁটা।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...