বাবৰি মছজিদ ভঙা গোচৰতো অভিযুক্ত আছিল বিতৰ্কিত ব্ৰীজভূষণ

দিল্লীত অব্যাহত মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ

দিল্লী আৰক্ষীলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ব্ৰীজভূষণৰ বিৰুদ্ধে গোচৰ নোলোৱাৰ অভিযোগত জাননী

ব্ৰীজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ভিনেশ ফগাট, সাক্ষী মালিকৰ দৰে মল্লযুঁজাৰুৰ

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি, বিজেপি সাংসদ ব্ৰীজভূষণ

দিল্লীত তৃতীয় দিনাও অব্যাহত দেশলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুৰ প্ৰতিবাদ। ইফালে এই গোটেই বিষয়টোত হস্তক্ষেপ কৰি উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীলৈ এক জাননী প্ৰেৰণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰশ্ন কৰে যে, ভাৰতক প্ৰতিনিধিত্ব কৰা মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ অনাৰ পিছতো কিয় নীৰৱে আছে দিল্লী আৰক্ষী?  উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে।

মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ আছে ভিডিঅ’ প্ৰমাণ

উচ্চতম ন্যায়ালয়ক জনালে অধিবক্তা কপিল ছিবালে

দিল্লী আৰক্ষীয়ে গোচৰ পঞ্জীভূত নকৰাৰ বাবে ব্যৱস্থা ল’বলৈ আৰ্জি ছিবালৰ

আন্তজাৰ্তিক খ্যাতিসম্পন্ন মল্লযুঁজাৰু বজৰং পুনিয়াই মঙলবাৰে  সকলো দলৰ নেতা–কৰ্মীক প্ৰতিবাদত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটা দলেও প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰে। WFIৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগ ব্ৰীজভূষণে পুনৰ নস্যাৎ কৰিছিল।

অপৰাধৰ ইতিহাস থকা ৬৬ বছৰীয়া ব্ৰীজভূষণ ৬বাৰৰ সাংসদ

পূৰ্বতে হত্যা, ডকাইতি আদিৰো অভিযোগ আছে ব্ৰীজভূষণৰ বিৰুদ্ধে

বাবৰি মছজিদ ভঙা গোচৰতো অভিযুক্ত আছিল বিতৰ্কিত ব্ৰীজভূষণ

বৰ্তমান তেওঁ মধ্যপ্ৰদেশৰ কাইজাৰগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক

জানুৱাৰীতে তেওঁৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুৱে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ

যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত কৰিবলৈ গঠন হোৱা তদন্ত সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও যন্তৰ মন্তৰত ধর্ণাত বহা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...