নৱপ্ৰজন্মক জীয়াই ৰাখক, ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ শ শ মহিলা

ড্ৰাগছ আৰু কানিৰ অবাধ প্ৰচলনে তিনিচুকীয়া জিলাৰ ভিতৰুৱা গ্ৰামাঞ্চলসমূহত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গ্ৰামাঞ্চলসমূহৰ বহু কম বয়সীয়া কিশোৰ তথা ছাত্ৰ এই মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি অকালতে জীৱন ধ্বংস হ’বলৈ ধৰিছে। উপায়ন্তৰ হৈ ড্ৰাগছ আসক্তৰ কিশোৰ-যুৱকসকলৰ পিতৃ-মাতৃ তথা অভিভাৱক। তিনিচুকীয়া জিলাৰ বিশেষকৈ বুঢ়িদিহিং, বৰডুমচা, পেঙেৰী, ফিল’বাৰী অঞ্চলত অবাধ হাৰত প্ৰচলিত এই মাৰাত্মক ড্ৰাগছ-কানিৰ ব্যৱসায় বন্ধ কৰাত তিনিচুকীয়া আৰক্ষী প্ৰশাসন চূড়ান্তভাবে ব্যৰ্থ হৈছে। এইসমূহ অঞ্চলত থকা আৰক্ষীও একপ্ৰকাৰে ড্ৰাগছ মাফিয়াৰ পকেটত বুলিয়েই বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে।

এনে পৰিস্থিতিত নিৰূপাই হৈ পৰিছে এই অঞ্চলসমূহৰ খাটি খোৱা দৰিদ্ৰ জণসাধাৰণ। যাৰ পৰিপ্ৰেক্ষিতত আজিও অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বুঢ়ীদিহিং VOCCৰ উদ্যোগত শ-শ মহিলাই ড্ৰাগছ-কানিৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...