সলনি হ’ব নেকি বিশ্ব মানচিত্ৰ? আফ্ৰিকাৰ প্ৰকৃত আকাৰ স্পষ্ট কৰিবলৈ বিশ্ব মানচিত্ৰ সলনিৰ পোষকতা UN-ৰ

বিশ্বৰ পৰম্পৰাগত মানচিত্ৰত আফ্ৰিকা মহাদেশৰ প্ৰকৃত আকাৰ সঠিকভাৱে প্ৰতিফলিত নোহোৱাৰ বিষয়টোক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ‘Correct the Map’ শীৰ্ষক প্ৰস্তাৱৰ জৰিয়তে পৰম্পৰাগত Mercator Projection-ৰ পৰিৱৰ্তে মহাদেশসমূহৰ আপেক্ষিক আকাৰ অধিক সঠিকভাৱে দেখুওৱা মানচিত্ৰ ব্যৱহাৰৰ পোষকতা কৰিছে।

টোগোৰ উদ্যোগত উত্থাপিত আৰু আফ্ৰিকান ইউনিয়নৰ সদস্য দেশসমূহৰ সমৰ্থন লাভ কৰা প্ৰস্তাৱটোৰ সপক্ষে ১৬৪খন দেশে ভোটদান কৰে। ফ্ৰান্স আৰু ব্ৰিটেইনেও প্ৰস্তাৱটোক সমৰ্থন কৰে। বিপৰীতে আমেৰিকাই একমাত্ৰ দেশ হিচাপে প্ৰস্তাৱটোৰ বিৰুদ্ধে ভোট দিয়ে, আনহাতে ছয়খন দেশে ভোটদানৰ পৰা বিৰত থাকে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এই সিদ্ধান্ত বাধ্যতামূলক নহয়। তথাপি এই ভোটে চৰকাৰ, শিক্ষানুষ্ঠান আৰু বিভিন্ন প্ৰতিষ্ঠানক পৰম্পৰাগত Mercator মানচিত্ৰৰ পৰিৱৰ্তে অধিক বাস্তৱসম্মত মানচিত্ৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

১৬শ শতিকাৰ পৰা ব্যাপকভাৱে ব্যৱহৃত Mercator Projection-এ পৃথিৱীৰ গোলাকাৰ পৃষ্ঠক দ্বিমাত্ৰিক মানচিত্ৰত দেখুওৱাৰ সময়ত বিশেষকৈ মেৰু অঞ্চলৰ দেশসমূহক প্ৰকৃত আকাৰতকৈ যথেষ্ট ডাঙৰকৈ উপস্থাপন কৰে। ফলত আফ্ৰিকাৰ দৰে বিষুৱীয় অঞ্চলৰ মহাদেশসমূহ তুলনামূলকভাৱে সৰু যেন দেখা যায়। উদাহৰণস্বৰূপে, মানচিত্ৰত আফ্ৰিকা আৰু গ্ৰীণলেণ্ডৰ আকাৰ প্ৰায় একে যেন লাগিলেও আফ্ৰিকা গ্ৰীণলেণ্ডতকৈ প্ৰায় ১৪ গুণ বৃহৎ।

১৫৬৯ চনত ফ্লেমিছ মানচিত্ৰ নিৰ্মাতা Gerardus Mercator-এ এই Projection প্ৰস্তুত কৰিছিল। মূলতঃ সাগৰীয় নৌ-যাত্ৰা আৰু বিশ্ব অন্বেষণৰ ক্ষেত্ৰত দিশ-নিৰ্দেশ সহজ কৰাৰ উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা হৈছিল।

এই আকাৰগত বিকৃতিৰ বিকল্প হিচাপে ২০১৮ চনত একাংশ মানচিত্ৰ নিৰ্মাতাই Equal Earth Projection প্ৰস্তুত কৰে। এই মানচিত্ৰত মহাদেশসমূহৰ আপেক্ষিক আকাৰ অধিক সঠিকভাৱে প্ৰতিফলিত হয়। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত আফ্ৰিকান ইউনিয়নৰ ৫৪খন সদস্য দেশে Equal Earth Projection গ্ৰহণ কৰি বিশেষকৈ আফ্ৰিকাৰ প্ৰকৃত আকাৰ অধিক যথাযথভাৱে প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে।

UN ভোটৰ পূৰ্বে টোগোৰ বৈদেশিক মন্ত্ৰী Robert Dussey-এ কয়, “এখন ন্যায়সংগত পৃথিৱীৰ আৰম্ভণি এখন ন্যায়সংগত মানচিত্ৰৰ পৰা হয়।” তেওঁৰ মতে, মানচিত্ৰ কেতিয়াও সম্পূৰ্ণ নিৰপেক্ষ নহয়; ই পৃথিৱীৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী আৰু মহাদেশৰ বিষয়ে মানুহৰ ধাৰণা গঢ়ি তোলে।

আনহাতে, ফ্ৰান্সে মানচিত্ৰ সলনিৰ সিদ্ধান্তক সমৰ্থন কৰি দেশখনে পৰম্পৰাগত Mercator মানচিত্ৰৰ ব্যৱহাৰ বন্ধ কৰাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰিছে। বিপৰীতে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ এই পদক্ষেপক সমালোচনা কৰি সাধাৰণ সভাই অধিক গুৰুতৰ আন্তঃৰাষ্ট্ৰীয় সমস্যাত মনোনিৱেশ কৰা উচিত বুলি মত প্ৰকাশ কৰিছে।

সমৰ্থকসকলৰ মতে, মানচিত্ৰ কেৱল ভ্ৰমণ বা দিশ নিৰ্ণয়ৰ সঁজুলি নহয়। এখন মানচিত্ৰই কোনো অঞ্চলৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে মানুহৰ ধাৰণা প্ৰভাৱিত কৰিব পাৰে। সেইবাবেই বিশ্বক অধিক বাস্তৱসম্মতভাৱে উপস্থাপন কৰিবলৈ মানচিত্ৰৰ বিকৃতি শুধৰোৱাটো গুৰুত্বপূৰ্ণ বুলি তেওঁলোকে দাবী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বিদ্যালয়ত প্ৰয়োগ হ’ব কৃত্ৰিম বুদ্ধিমত্তা: ৬টা প্ৰতিষ্ঠান আৰু IIT মাদ্ৰাজৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

অসমৰ শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ...

নেপালৰ ভয়ংকৰ বানত এতিয়াও সন্ধানহীন ২৭৫ গৰাকী ভাৰতীয়

নেপালত ভয়ংকৰ বান আৰু ভূমিস্খলনে সৃষ্টি কৰা ব্যাপক ধ্বংসযজ্ঞৰ...

ভাৰত-পাকিস্তানৰ মেচত ‘আমি এখোজ আগত’—Asia Cupৰ পূৰ্বে দীপ্তি শৰ্মাৰ স্পষ্ট বাৰ্তা

ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু পাকিস্তানৰ মাজৰ বহু চৰ্চিত...