চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব নেকি চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট ?

চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব নেকি চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট ? আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত গোটটোৰ শেহতীয়াকৈ জাপানত অনুষ্ঠিত বৈঠকত চীনক ক্ৰমাত্ এঘৰীয়া কৰাৰ ইংগিত স্পষ্ট হৈ উঠিছে । কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনুষ্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনতো উপেক্ষণ কৰা হৈছে চীন । ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও আমেৰিকাই স্পষ্টভাৱে সকীয়াই দিয়ে চীনক । টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ প্ৰভাৱক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে চীনৰ সাম্ৰাজ্যবাদী নীতিক লৈ । চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে QUAD শীৰ্ষক সন্মিলন । ক্ৰমাত্ শক্তিশালী হৈ উঠিছে চীন বিৰোধী স্থিতি ।

এঘৰীয়া হ’ব নেকি সাম্ৰাজ্যবাদী চীন ? জাপানৰ ৰাজধানী টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনু্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনত অংশগ্ৰহণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে চীনক স্পষ্টভাৱে সকীয়াই দিয়ে যে, চীনে বিপদৰ সৈতে খেলিছে । টাইৱানসহ কেইবাটাও বিবদমান অঞ্চলত চীনৰ সামৰিক অনুশীলনৰ প্ৰসংগত চীনক এইদৰে সকীয়াই দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে । টাইৱানত চীনে আক্ৰমণ চলালে আমেৰিকায়ো সামৰিক শক্তি প্ৰয়োগ কৰিব বুলি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে । টইৱানক কেন্দ্ৰ কৰি চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ সময়তে আমেৰিকাক উভতি ধৰে চীনেও । ‘টাইৱানক লৈ আমেৰিকাৰ স্থিতিক মানি লোৱা নহ’ব । জুইৰ স’তে খেলিছে আমেৰিকাই ।’ এনেদৰে প্ৰদান কৰিলে সকীয়নি । সময়ত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সকীয়াই দিয়ে চীনে । ইপিনে চীনৰ সাম্ৰাজ্যবাদী নীতিৰ স্পষ্ট বিৰোধিতা কৰি আমেৰিকাৰ স’তে সুৰ মিলাইছে জাপান আৰু অষ্ট্ৰেলিয়ায়ো । ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও চীনলৈ মুকলি সমৰ্থন আগবঢ়োৱা নাই । আনহাতে কোৱাড সন্মিলনৰ সমান্তৰালভৱে অনুষ্ঠিত IPEF সন্মিলনে এছিয়াৰ দেশসমূহৰ আৰ্থিক বিকাশৰ লগতে পৰিৱেশ, শ্ৰম আৰু অন্যান্য বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে কোৱাড ৰাষ্ট্ৰসমূহে । চীন এতিয়াও এই গোটৰ সদস্য নহয় যদিও বিষয়টো বিবেচনাধীন বুলি ৰাষ্ট্ৰসমূহে প্ৰকাশ কৰে । শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতেও পৃথক বৈঠকত মিলিত হয় । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কতো বৈঠকত আলোচনা কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...