চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব নেকি চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট ?

চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব নেকি চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট ? আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত গোটটোৰ শেহতীয়াকৈ জাপানত অনুষ্ঠিত বৈঠকত চীনক ক্ৰমাত্ এঘৰীয়া কৰাৰ ইংগিত স্পষ্ট হৈ উঠিছে । কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনুষ্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনতো উপেক্ষণ কৰা হৈছে চীন । ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও আমেৰিকাই স্পষ্টভাৱে সকীয়াই দিয়ে চীনক । টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ প্ৰভাৱক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে চীনৰ সাম্ৰাজ্যবাদী নীতিক লৈ । চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে QUAD শীৰ্ষক সন্মিলন । ক্ৰমাত্ শক্তিশালী হৈ উঠিছে চীন বিৰোধী স্থিতি ।

এঘৰীয়া হ’ব নেকি সাম্ৰাজ্যবাদী চীন ? জাপানৰ ৰাজধানী টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনু্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনত অংশগ্ৰহণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে চীনক স্পষ্টভাৱে সকীয়াই দিয়ে যে, চীনে বিপদৰ সৈতে খেলিছে । টাইৱানসহ কেইবাটাও বিবদমান অঞ্চলত চীনৰ সামৰিক অনুশীলনৰ প্ৰসংগত চীনক এইদৰে সকীয়াই দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে । টাইৱানত চীনে আক্ৰমণ চলালে আমেৰিকায়ো সামৰিক শক্তি প্ৰয়োগ কৰিব বুলি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে । টইৱানক কেন্দ্ৰ কৰি চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ সময়তে আমেৰিকাক উভতি ধৰে চীনেও । ‘টাইৱানক লৈ আমেৰিকাৰ স্থিতিক মানি লোৱা নহ’ব । জুইৰ স’তে খেলিছে আমেৰিকাই ।’ এনেদৰে প্ৰদান কৰিলে সকীয়নি । সময়ত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সকীয়াই দিয়ে চীনে । ইপিনে চীনৰ সাম্ৰাজ্যবাদী নীতিৰ স্পষ্ট বিৰোধিতা কৰি আমেৰিকাৰ স’তে সুৰ মিলাইছে জাপান আৰু অষ্ট্ৰেলিয়ায়ো । ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও চীনলৈ মুকলি সমৰ্থন আগবঢ়োৱা নাই । আনহাতে কোৱাড সন্মিলনৰ সমান্তৰালভৱে অনুষ্ঠিত IPEF সন্মিলনে এছিয়াৰ দেশসমূহৰ আৰ্থিক বিকাশৰ লগতে পৰিৱেশ, শ্ৰম আৰু অন্যান্য বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে কোৱাড ৰাষ্ট্ৰসমূহে । চীন এতিয়াও এই গোটৰ সদস্য নহয় যদিও বিষয়টো বিবেচনাধীন বুলি ৰাষ্ট্ৰসমূহে প্ৰকাশ কৰে । শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতেও পৃথক বৈঠকত মিলিত হয় । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কতো বৈঠকত আলোচনা কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...