আমি সকলোবোৰ পুনৰ নিৰ্মাণ কৰিম আৰু ইয়াৰ বিল পৰিশোধ কৰিব ৰাছিয়াই : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

এখন যুদ্ধজৰ্জৰ দেশ ইউক্ৰেইন। ৰাছিয়ান সেনাই তচনচ কৰিছে ইটোৰ পিছত সিটো বাসগৃহ। ধ্বংস কৰিছে স্মাৰক, বহু মূল্যবান সম্পদ। ঐতিহাসিক সমল, প্ৰথিতযশা ব্যক্তিৰ ঘৰ মুহূৰ্ততে ধ্বংসস্তুপত পৰিণত কৰিছে। ৰাজপথত শিশুৰ সৈতে গৈ থকা মাতৃ, চিকিত্সাৰ বাবে যোৱা বৃদ্ধ দম্পতী ৰাছিয়ান মিছাইল আক্ৰমণত থিতাতে মৃত্যুক সাবটিছে। কোনোবাই আপোনজনক হেৰুৱাই উচুপিছে, কোনোবাই প্ৰিয় বাসগৃহ হেৰুৱাই নিথৰুৱা গৃহহাৰা হৈ হাহাকাৰ কৰিছে। তাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে ইউক্ৰেনীয়সকলক প্ৰতিশ্ৰুতি দিছে যে আক্ৰমণকাৰী ৰাছিয়ান বাহিনীৰ দ্বাৰা ক্ষতি হোৱা আন্তঃগাঁথনিসমূহ মেৰামতি কৰা হ’ব আৰু মস্কোৱে ইয়াৰ খৰচ বহন কৰিব।
“আমি প্ৰতিটো ঘৰ, প্ৰতিটো ৰাজপথ, প্ৰতিখন চহৰ পুনৰুদ্ধাৰ কৰিম। নতুনকৈ সজাই তুলিম আমাৰ দেশখন। আমি ৰাছিয়াক কওঁ: ক্ষতিপূৰণ আৰু অৱদানৰ শব্দ কি সেয়া শিকক। আপুনি আমাৰ দেশৰ বিৰুদ্ধে কৰা এই কাৰ্যৰ পৰিণাম ভুগিব লাগিব। প্ৰতিজন ইউক্ৰেনিয়ানে ৰাছিয়াৰ কাম-কাজ দেখি আছে। এটা ভিডিঅ’ বিবৃতিত এইদৰে কয় জেলেনস্কিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...