POK আহিব BOK আহিবনে?

✒️ অচিন্ত্য শৰ্মা

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ স্পষ্ট ঘোষণা
সেনায়ো প্ৰকাশ কৰিছে আত্মবিশ্বাস
ভাৰতে শক্তি প্ৰয়োগ কৰি পুনৰুদ্ধাৰ কৰিব
পাক অধিকৃত কাশ্মীৰ বা
PAK OCCUPIED KASHMIR, চমুকৈ POK

১৯৪৭ চনৰ অক্টোবৰ মাহত ভাৰতীয় সেনাৰ সফল কাশ্মীৰ অভিযান আধাতে বন্ধ কৰি দি জম্বু-কাশ্মীৰৰ এক বৃহৎ অংশ পাকিস্তানৰ হাতত তুলি দিছিল ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। সেই তেতিয়াৰ পৰা প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত এটুকুৰা নুশুকুৱা ঘাঁ হৈ ৰৈ গৈছে পাক অধিকৃত কাশ্মীৰ বা POK। বিশ্বজনীন ইছলামিক সন্ত্ৰাসবাদৰ অন্যতম অভিকেন্দ্ৰত পৰিণত কৰি এই POKৰ পৰাই পাকিস্তানে দশক ধৰি চলাই আহিছে ভাৰতবিৰোধী ছাঁয়াযুদ্ধ। সেয়ে দেশৰ ভিতৰত সঘনে উত্থাপিত হয় এটাই দাবী – ভাৰতে কাঢ়ি আনক POK। শুধৰণি কা হওঁক নেহৰুৱে কৰি যোৱা অক্ষমণীয় ভুলৰ। এনে নিৰৱচ্ছিন্ন দাবীৰ প্ৰেক্ষাপটতে বিগত দশকবোৰত POK পুনৰুদ্ধাৰ কৰাৰ কেইবাটাও সুযোগ হেৰুওৱাৰ পিছত এইবাৰ মোদী চৰকাৰে হুংকৰা দিছে POK কাঢ়ি লোৱাৰ। এখোজ আগবাঢ়ি আহিছে গৈ প্ৰতিৰক্ষামন্ত্ৰীয়ে কৈছে POKৰ লগতে গিলগিট-বাল্টিস্তানো কাঢ়ি লোৱাৰ কথা। এই ৰাজনৈতিক ভাষ্যই নিঃসন্দেহে অন্য নহ’লেও দেশবাসীৰ মাজত একধৰণৰ উন্নাসিকতাৰ সৃষ্টি কৰিছে। পিছে POKক লৈ দেশজুৰি সৃষ্টি হোৱা এনে উন্নাসিকতাৰ সমান্তৰালভাবে দেশৰ এটা কোনত সৃষ্টি হৈছে অন্য এক প্ৰশ্নৰ।
POKৰ লগতে মোদী চৰকাৰে কাঢ়ি আনিবনে BOK? হয় BOK অৰ্থাৎ বাংলাদেশ অকুপাইড কমতাপুৰক লৈ এইবাৰ সৃষ্টি হৈছে এই প্ৰশ্নৰ। শেহতীয়াভাবে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ লগত হোৱা প্ৰত্যক্ষ তথা গোপন যোগাযোগৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে পৃথক কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ পথত। কমতাপুৰৰ দাবীদাৰ কোচ-ৰাজবংশী জনগোষ্ঠী বৃহৎ অংশই পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰাথমিক পদক্ষেপ হিচাপে এই পৃথক কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলক গ্ৰহণ কৰিছে। কিন্তু সৰ্বাত্মকভাবে গ্ৰহণ কৰিব পৰা নাই প্ৰস্তাবিত কমতাপুৰৰ পৰিসীমা। পশ্ছিম অসমৰ কিছু অংশ, সম্পূৰ্ণ উত্তৰ বংগ বা কোচবিহাৰ আৰু পূব বিহাৰক লৈ কমতাপুৰ গঠনৰ পৰিকল্পনা কৰা হৈছে যদিও পৰিকল্পিত কমতাপুৰৰ পৰিসীমাৰ পৰা অবধাৰিতভাবে বাদ পৰি গৈছে কোচ ৰাজবংশীৰ আবেগজড়িত অন্যতম অঞ্চল, বৃহত্তৰ ৰংপুৰ। কাৰণ ৰংপুৰ আজি বাংলাদেশৰ বেদখলত। অঞ্চলটো আজি দৰাচলতে বাংলাদেশ অধিকৃত কমতাপুৰ BANGLADESH OCCOUPIED KAMATAPUR বা চমুকৈ চমুকৈ BOK। সেয়ে POK উদ্ধাৰৰ হুংকাৰ দিয়া মোদী চৰকাৰৰ প্ৰতি কোচ-ৰাজবংশীৰ প্ৰশ্ন। POKৰ লগতে ভাৰতে পুনৰুদ্ধাৰ কৰিবনে BOK? এইখিনিতে মনত পেলাব পাৰি যে দেশ বিভাজনৰ সময়ত হিন্দুপ্ৰধান ৰংপুৰত সম্পূৰ্ণ অপ্ৰয়োজনীয় তথা ষড়যন্ত্ৰমূলকভাবে গণভোট অনুষ্ঠিত কৰা হৈছিল। সেই গণভোট ভোটদান কৰাৰ পৰা বলপূৰ্বক আঁতৰাই ৰখা হৈছিল অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক হিন্দুত্ব। পৰিণতিত মুছলমানৰ ভোটেৰে ৰংপুৰ তদানীন্তন পূব পাকিস্তান পূব পাকিস্তানত চামিল হৈছিল আৰু পৰৱৰ্তী দিনবোৰত ই হৈ পৰিছিল বাংলাদেশৰ অংগ। আনহাতে পাকিস্তান বাংলাদেশৰ অন্যান্য অংশসমূহৰ লগতে ৰংপুৰতো চলি অনা মুছলমান নিধন অভিযান। নিঃশেষ কৰি অনা হৈছে অঞ্চলটোৰ কোচ-ৰাজবংশীৰ, ৰাভা, হাছাং, চাওতাল আদি হিন্দু জনগোষ্ঠীসমূহক। ইয়াৰ মাজতে ভৌগলিক, সাংস্কৃতিক আৰু ঐতিহাসিকভাবে বৃহত্তৰ কমতাপুৰৰ অংশ স্বৰূপ ৰংপুৰ অৰ্থাৎ BANGLADESH OCCOPIED KAMATAPUR, চমুকৈ BOK পুনৰুদ্ধাৰৰ দাবী উত্থাপিত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত। পিছে মোদী চৰকাৰে সঁহাৰি জনাবনে এনে দাবীৰ প্ৰতি?
আশা কম। কাৰণস নিজৰ কাৰ্যকালৰ চাৰে আঠটা বছৰত ভাৰতৰ চিৰশত্ৰু, ফ্ৰেকেনষ্টাইন বাংলাদেশক তৈলমৰ্দন কৰাৰ বাবে নৰেন্দ্ৰ মোদীয়ে ঢাকা মহলক নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেই দেশখনে নিৰবচ্ছিন্নভাবে ভাৰতবিৰোধী কাৰ্য কৰি যোৱাৰ পিছতো মোদীৰ নেতৃত্বৰ নীৰব-নিস্ক্ৰীয় হৈ ৰৈছে নতুন দিল্লী। বৰঞ্চ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে স্বাক্ষৰ কৰি যোৱা ভাৰত-বাংলা ভূমিসীমা চুক্তি বাতিল কৰাৰ সলনি কাৰ্যৰূপায়িত কৰি বাংলাদেশক ভাৰতৰ ১০ হাজাৰ ৬ একৰ মাটি এৰিহে দিছে নৰেন্দ্ৰ মোদীয়ে যে বাংলাদেশ অধিকৃত কমতাপুৰ পুনৰুদ্ধাৰ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক গটাই দিব, সেই আশা দুৰাশা বুলিয়েই ভাবিছে প্ৰায় প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...