ভাৰতে এইবাৰ পাব ‘মৌচুমী’ৰ আশীৰ্বাদ

অচিন্ত্য শৰ্মা

বিভিন্ন জটিলতাৰ মাজত ককবকাই থকা ভাৰতীয় অৰ্থনীতিলৈ শেহতীয়াভাবে এক সুখবৰ আহিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰপৰা। উক্ত খবৰ অনুসৰি বিগত অনুসৰি বিগত তিনিটা বছৰৰ নিচিনাকৈ এইবাৰো ভাৰতে লাভ কৰিব বৰ্ষাকালীন স্বাভাৱিক পৰিমাণৰ বৰষুণ অৰ্থাৎ দক্ষিণ-পশ্ছিম মৌচুমী বায়ুৱে এইবাৰো ভাৰতলৈ কঢ়িয়াই আনিব পৰ্যাপ্ত আশা। ২০১৯, ২০২০ আৰু ২০২১ চনৰ বাৰিষা কালচোৱাটো ভাৰতে দক্ষিণ-পশ্চিম মৌচুমী বায়ুজনিত স্বাভাবিক তথা পৰ্যাপ্ত বৰষুণ লাভ কৰিছিল আৰু ই হৈ উঠিছিল দেশৰ কৃষি খণ্ডৰ বাবে আশীৰ্বাদস্বৰূপ। এনে অনুকূল মৌচুমী বায়ু আৰু পৰ্যাপ্ত বৰষুণেই কাৰ্যত: কভিড কালছোৱাত ভাৰতক দিছিল বহুখিনি সকাহ আৰু শক্তি। সম্প্ৰতি কোভিডৰ জোৰ কমিছে যদিও কোভিডসৃষ্ট বিভিন্ন জটিলতা আঁতৰা নাই। বৰঞ্চ ৰুছ-ইউক্ৰেইন যুদ্ধৰ নিচিনা ঘটনাসমূহে বিশ্ব পৰিস্থিতিৰ জটিলতা বঢ়াইছেহে। এনে প্ৰেক্ষাপটত পৃথিৱীৰ অন্য বিভিন্ন দেশৰ লগতে ভাৰততো বাঢ়িছে খাদ্য, ইন্ধন আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। সামগ্ৰিকভাৱে অশনি সংকেত আহিছে সমগ্ৰ অৰ্থনীতিলৈ। এই সংকটকালৰ মাজতে ভাৰতৰ বাবে প্ৰাণবায়ু স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু বা দক্ষিণ পশ্চিম মৌচুমী বতাহৰ স্বাভাৱিক আচৰণৰ খবৰে সকলোকে আৰম্ভ কৰিছে।

অৰ্থনীতিবিদসকলে প্ৰকাশ কৰামতে স্বাভাৱিক দক্ষিণ-পশ্চিম মৌচুমী বায়ু আৰু পৰ্যাপ্ত বৰষুণে এইবাৰ অকল ভাৰতীয় কৃষিখণ্ডকে নহয়, উজ্জীৱিত কৰিব ভাৰতীয় উদ্যোগ খণ্ডকো। কাৰণ মূল্যবৃদ্ধিৰ এই উদ্বিগ্নতাৰে ভৰা যুগটোত বৰ্দ্ধিত কৃষি উৎপাদনে অকল কৃষিজাত সামগ্ৰীসমূহৰে মূল্য নহয়, সামগ্ৰীক মুদ্ৰাস্ফীতিও হ্ৰাস কৰিব; যিটো হ’ব সমগ্ৰ দেশীয় অৰ্থনীতিৰ বাবেই শুভ লক্ষণ আৰু নিঃসন্দেহে উক্ত শুভ লক্ষণৰ সুফল লাভ কৰিব উদ্যোগ খণ্ড আৰু অন্যান্য খণ্ডসমূহেও।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...