ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় পালন কৰে পৱিত্ৰ মহৰম?

ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় পালন কৰে পৱিত্ৰ মহৰম?

আজি পৱিত্ৰ মহৰম। আত্মত্যাগ আৰু জীৱনদানৰ এই স্মৃতিপৰ্বই একতা, ন্যায়, সত্য আৰু ভাতৃত্ববোধৰ প্ৰতি সকলোকে অনুপ্ৰাণিত কৰক। মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে আজিৰ দিনটোত পালন কৰে পৱিত্ৰ মহৰাম। আজিৰ দিনটোতেই ইছলামৰ পয়গম্বৰ ইমাম হুছেইন ১৪০০ বছৰ পূৰ্বেই শ্বহীদ হৈছিল। মহৰমৰ পৱিত্ৰ মাহ হৈছে ইছলামিক চন্দ্ৰ বৰ্ষপঞ্জীৰ নৱবৰ্ষৰ প্ৰথমটো মাহ। ইছলামধৰ্মী লোকসকলৰ মাজত এই মাহটোৰ যথেষ্ট গুৰুত্ব আছে। এই বছৰ ইছলামিক নতুন বছৰটো ১৯ জুলাইৰ সন্ধিয়া আৰম্ভ হৈছিল। ‘ৰমজান’ মাহৰ পিছত ‘মহৰম’ মাহক ইছলামিক বৰ্ষপঞ্জীৰ দ্বিতীয় পৱিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। এই মাহটোত মুছলমান লোকসকলৰ কেইবাটাও পৱিত্ৰ ঘটনা ঘটিছে।

মহৰমৰ প্ৰথম ১০দিনৰ সময়ত মুছলমানসকলে হজৰত আলীৰ পুত্ৰ আৰু পয়গম্বৰ হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইন আৰু ইমাম হাচানৰ শ্বহীদ হোৱাৰ বাবে শোক প্ৰকাশ কৰে। হজৰত ইমাম হুছেইনৰ মৃত্যু কাৰবালাৰ যুদ্ধত হৈছিল। এই যুদ্ধ উমায়াদ খলিফা য়াজিদ ১ৰ দ্বাৰা প্ৰেৰণ কৰা সেনা আৰু ইমাম হুছেইনৰ মাজত হৈছিল। ৬৮০ খৃষ্টাব্দত অৰ্থাৎ ইছলামিক বৰ্ষপঞ্জীৰ ৬১তম বৰ্ষত এই যুদ্ধ হৈছিল।

মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহত পালন কৰা হয়। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে, এই মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্ম প্ৰাণ ইমাম হুছেইনেও এই মাহতেই কাৰাবালা মৰু প্ৰান্তত কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল। মহৰম মুছলমানসকলৰ এটা মহান আৰু পৱিত্ৰ স্মৃতি-পৰ্ব, ইয়াৰ বিষাদময়, কৰুণ স্মৃতিয়ে সকলো মুছলমানৰেই সৰ্বজনীন পৰ্বত পৰিণত হৈছে। মহৰমৰ লগত জড়িত শোকাৱহ আৰু কৰুণ কাহিনীটো এনেধৰণৰ : হজৰত মহম্মদৰ কনিষ্ঠ কন্যা ফাতেমাক হজৰত আলীলৈ বিয়া দিছিল। তেওঁলোকৰ দুটি পুত্ৰ সন্তান হয় – ডাঙৰজনৰ নাম হাচান আৰু সৰুজনৰ নাম হুছেইন।

হজৰত আলী মদিনাৰ খলিফা আছিল। খলিফা মানে ইছলাম ধৰ্ম-জগতৰ সৰ্বোচ্চ পদ। হজৰত আলী খলিফা পদত অধিষ্ঠিত হোৱা কাৰণে চিৰিয়াৰ শাসনকৰ্তা মাৰিয়াই ভীষণ ঈৰ্ষাপৰায়ণ হৈ বিদ্ৰোহ ঘোষণা কৰে। যাৰ বাবে কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকৰ হাতত মৃত্যু হয় হজৰত আলীৰ। ইয়াৰ ফলত কুফাবাসীসকলে হজৰত আলীৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মপ্ৰাণ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। যাৰ ফলত পুনৰ যুদ্ধ ঘোষণা কৰে চিৰিয়াৰ শাসনকৰ্তা মাৰিয়াই। মাৰিয়াৰ সৈন্যৰ সৈতে তিষ্ঠিব নোৱাৰি প্ৰস্তাৱ ৰাখিলে ইমাম হাচানে। চুক্তি মতে মাৰিয়াই মদিনাৰ খলিফা পদত অধিষ্ঠিত হ’ব, কিন্তু মাৰিয়াৰ মৃত্যুৰ পাছত ইমাম হাচানৰ সৰু ভাতৃ হুছেইনেহে খলিফা পদ লাভ কৰিব। এই চুক্তিত অমান্তি হ’ল মাৰিয়া। পাছত বিহ খুৱাই বধ কৰিলে ইমাম হাচানক। তাৰ পাছতে ইমাম হুছেইনৰ সৈতে যুদ্ধ আৰম্ভ হ’ল মাৰিয়াৰ। মাৰিয়াৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কুফাবাসীসকলে সহায় বিচাৰিলে হুছেইনৰ। যাৰ বাবে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিলে মাৰিয়াই। হুছেইনেও কুফাবাসীৰ সাহায্যত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য লৈ কুফালৈ যাত্ৰা কৰিলে; কিন্তু তেওঁ আৰু কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোকে ইউফ্ৰেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত উপস্থিত হ’ল। পাছত এজিদৰ গৱৰ্ণৰ ওবায়দুল্লাই কাৰবালা প্ৰান্তত সৈন্য পঠিয়াই ইউফ্ৰেটিছ নৈৰ পাৰত তেওঁলোকক আৱদ্ধ কৰিলে। তাতেই সকলোকে এজন এজন কৈ মাৰি পেলালে ওবায়দুল্লাৰ সৈন্যই।
সেই দিনটোৰ পৰাই কাৰবালা মইদানত হোৱা ছহীদক স্মৰণ কৰি সমগ্ৰ বিশ্বতে পৱিত্ৰ মহৰম হিচাপে পালন কৰা হয়।

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...