হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত আঘাত কৰিছিল বুলি তেওঁ কন্যা ৰাধিকাৰ হত্যাৰ কাৰণ হিচাপে আৰক্ষীৰ আগত উত্থাপন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰতিবেশী আৰু আত্মীয়সকলে তেওঁৰ এই দাবী মানিবলৈ নিবিচাৰে। তেওঁলোকৰ দাবী হ’ল, দীপকৰ বিপুল সম্পত্তিৰ সন্মুখত কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই। এইখিনিতে সন্দেহ বাঢ়িছে, তেন্তে ৰাধিকাৰ হত্যাৰ পিছত আন কোনো কাৰণ আছে নেকি? আত্মীয় আৰু ঘনিষ্ঠসকলে তেনে ইংগিত দিছে।

এজন আত্মীয়ই জনাইছে যে, দীপক এজন বিপুল সম্পত্তিৰ মালিক। গুৰুগ্ৰামত তেওঁৰ কেইবা কোটি টকাৰ সম্পত্তি আছে। এই সম্পত্তিৰ পৰা তেওঁ প্ৰতিমাহে ১৫-১৭ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও তেওঁৰ এখন বিলাসী ফাৰ্মহাউচো আছে। সকলোৱে জানে যে, যাদৱ পৰিয়াল অত্যন্ত বিত্তশালী। আত্মীয়ই প্ৰশ্ন তুলিছে, যিজনৰ মাহিলী উপাৰ্জন ১৫-১৭ লাখ টকা আৰু যাৰ অৰ্থৰ অভাৱ নাই বুলি সকলোৱে জানে, তেওঁক কিয় কটাক্ষ কৰা হ’ব যে তেওঁ কন্যাৰ উপাৰ্জনত জীয়াই আছে? তেওঁৰ মতে, এই কাৰণত কন্যাক হত্যা কৰাৰ দাবী সঁচা নহয়। তেন্তে ৰাধিকাক কিয় হত্যা কৰা হ’ল?

আন এজন আত্মীয়ই সংবাদ মাধ্যমক জনাইছে, “দীপকৰ বিপুল সম্পত্তিৰ কথা গাঁৱৰ সকলোৱে জানে। তেওঁৰ আত্মীয়সকলেও এই কথা জানে। অকাৰণতে কিয় তেওঁক কটাক্ষ কৰা হ’ব যে তুমি কন্যাৰ উপাৰ্জনত জীয়াই আছা?” তেওঁ আৰু জনাইছে যে, দীপক এজন মৃদুভাষী ব্যক্তি। ৰাধিকাক টেনিছ খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ তেওঁ নিজৰ উচ্চশিক্ষাৰ ইচ্ছাকো ত্যাগ কৰিছিল। ৰাধিকা আছিল তেওঁৰ নয়নৰ মণি। দুই লাখ টকা খৰচ কৰি তেওঁ কন্যাৰ বাবে ৰেকেট কিনি আনিছিল। তেওঁৰ মতে, যিজন ব্যক্তিয়ে কন্যাৰ বাবে নিজৰ কেৰিয়াৰ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, তেন্তে তেওঁ কেৱল কটাক্ষৰ বাবে কন্যাক হত্যা কৰিব?

প্ৰসংগক্ৰমে, বৃহস্পতিবাৰৰ পুৱা দীপকৰ বিৰুদ্ধে নিজৰ ঘৰত ৰাধিকাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ ৰাধিকাক পাঁচটা গুলী কৰিছিল। দুটা গুলী লক্ষ্যভ্ৰষ্ট হ’লেও তিনিটা গুলীয়ে ৰাধিকাৰ বুকু ভেদি ওলাই গৈছিল। ঘটনাস্থলীতেই হাৰিয়ানাৰ এই টেনিছ খেলুৱৈৰ মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...