ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৰাডাৰত জাৰ্মানী, ব্ৰিটেইন; পাৰমাণৱিক আক্ৰমণৰো সতৰ্কবাণী

ইউক্ৰেইনৰ পিছত ৰাছিয়াৰ এইবাৰ লক্ষ্য হৈছে ইউৰোপৰ দুখন শক্তিশালী শক্তি জাৰ্মানী আৰু ব্ৰিটেইন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ আত্মবিশ্বাসী আৰু তেওঁৰ প্ৰাক্তন উপদেষ্টা চাৰ্গেই কাৰাগানভে স্পষ্ট সতৰ্কবাণী জাৰি কৰিছে।

ছাৰ্গেই কাৰাগানভে কয় যে, যদিহে ৰাছিয়াক পৰাজয়ৰ মুখলৈ ঠেলি দিয়া হয় তেন্তে ইউৰোপ বিশেষকৈ জাৰ্মানী আৰু ব্ৰিটেইন পাৰমাণৱিক আক্ৰমণৰ সন্মুখীন হ’ব পাৰে।

টাকাৰ কাৰ্লছনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাৰাগানভে কয় যে, ৰাছিয়াৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি আহিছে ইউৰোপীয় দেশসমূহৰ পৰা যিয়ে অহৰহ যুদ্ধত ইন্ধন যোগাই আছে। ৰাছিয়াৰ দৃষ্টিকোণৰ পৰা ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী ইউৰোপৰ আটাইতকৈ শক্তিশালী দেশ আৰু ইয়াৰ ভিতৰত ব্ৰিটেইন আৰু জাৰ্মানীয়ে ৰাছিয়াৰ বিৰুদ্ধে আটাইতকৈ আক্ৰমণাত্মক ভূমিকা পালন কৰিছে। শেহতীয়াকৈ ৰাছিয়াই আনুষ্ঠানিকভাৱে ব্ৰিটেইন আৰু জাৰ্মানীক নিজৰ অবন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। মস্কোৱে অভিযোগ কৰে যে, দুয়োখন দেশেই ইউক্ৰেইনক কেৱল সামৰিক সাহায্য প্ৰদান কৰাই নহয়, ৰাছিয়াৰ বিৰুদ্ধে চোৰাংচোৱা কাৰ্যকলাপ আৰু কৌশলগত ষড়যন্ত্ৰৰ সৈতেও জড়িত।

ৰাছিয়াই দাবী কৰিছে যে, ব্ৰিটেইন আৰু জাৰ্মানীয়ে অহৰহ চোৰাংচোৱাগিৰি কৰি আছে। তদুপৰি ব্ৰিটেইনে আমেৰিকাৰ সৈতে গোপন বুজাবুজি কৰি ৰাছিয়াৰ তেল টেংকাৰক আটক কৰি জব্দ কৰাৰ অভিযোগ উত্থাপন হৈছে। মস্কোৱে ইয়াক প্ৰত্যক্ষ অৰ্থনৈতিক যুদ্ধ বুলি গণ্য কৰে। ৰাছিয়াৰ নেতৃত্বৰ মতে, ব্ৰিটেইনে এই কাৰ্যৰ আঁৰত কিংপিন হিচাপে কাম কৰি আছে আৰু সমগ্ৰ ইউৰোপকে ৰাছিয়াৰ বিৰুদ্ধে উচটনি দিছে।

কাৰাগানোভৰ মতে ৰাছিয়াৰ পৰাজয়ৰ কথা কল্পনা কৰাটো ভুল। তেওঁ কয় যে, যদি ৰাছিয়াই কেতিয়াবা অস্তিত্বৰ সংকটৰ সন্মুখীন হয় তেন্তে ই গতানুগতিক যুদ্ধৰ সীমাবদ্ধতাৰ দ্বাৰা বান্ধ খাই নাথাকিব। তেওঁ স্পষ্টভাৱে ইংগিত দিছিল যে, এনে পৰিস্থিতিত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পৰা যাব, আৰু ইয়াৰ প্ৰভাৱ ইউৰোপত সৰ্বাধিক হ’ব।

ৰাছিয়াৰ কৌশলবিদগৰাকীয়ে ইউৰোপীয় নেতাসকলক বাস্তৱৰ পৰা বিচ্ছিন্ন বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে, ইউৰোপীয় নেতৃত্বই এই ভ্ৰমৰ অধীনত জীয়াই আছে যে- যুদ্ধ কেতিয়াও তেওঁলোকৰ দেশলৈ নাযায়। এই বিশ্বাসৰ বাবেই তেওঁলোকে ইউক্ৰেইন যুদ্ধত হস্তক্ষেপ কৰি ৰাছিয়াক উত্তেজিত কৰি ৰাখিছে। কাৰাগানোভে এইটোও স্বীকাৰ কৰে যে, ৰাছিয়াই এতিয়ালৈকে অত্যধিক সংযম প্ৰয়োগ কৰিছে যদিও ইউৰোপে বিশেষকৈ ব্ৰিটেইন আৰু জাৰ্মানীয়ে যদিহে ইউক্ৰেইন যুদ্ধক সমৰ্থন কৰা বন্ধ নকৰে আৰু পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি পায় তেন্তে ৰাছিয়াই কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...