সুভাংশু কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব? নাছাই ঘোষণা কৰিছে ‘আনডকিং’ প্ৰক্ৰিয়াৰ তাৰিখ

ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাৰ পৃথিৱীলৈ উভতি অহাৰ দিন ওচৰ চাপিছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আই এছ এছ) তেওঁলোকে দুই সপ্তাহ কটাইছে। মহাকাশৰ পৰা তেওঁলোকৰ ‘আনডকিং’ প্ৰক্ৰিয়াৰ দিন ঘোষণা কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। আগন্তুক সোমবাৰ, ১৪ জুলাইত সুভাংশুৰ অ্যাক্সিয়ম-৪ৰ ‘আনডক’ হ’ব।

বৃহস্পতিবাৰে সুভাংশুৰ অভিযানৰ বিষয়ে নাছাৰ কমাৰ্শ্বিয়েল ক্ৰু প্ৰ’গ্ৰামৰ মেনেজাৰ ষ্টিভ ষ্টিচে এখন সাংবাদিক বৈঠকত কয়, “আমি মহাকাশ কেন্দ্ৰৰ কাৰ্যক্ৰমৰ ওপৰত কাম কৰি আছো। অ্যাক্সিয়ম-৪ৰ প্ৰগতিৰ ওপৰত চকু ৰাখিছো। মোৰ মতে, এই অভিযানৰ আনডকৰ সময় আহি পৰিছে। আমাৰ লক্ষ্য ১৪ জুলাইত আনডক কৰা।”

‘আনডক’ কি? সুভাংশু যি গৱেষণাগাৰত আছে, তাৰ পৰা মহাকাশযানত উঠাৰ প্ৰক্ৰিয়াটোক ‘আনডকিং’ বোলা হয়। ১৪ জুলাইত তেওঁলোকে যি যানৰ জৰিয়তে পৃথিৱীলৈ উভতিব, সেই যানত উঠিব। তাৰ পিছত পৃথিৱীত উপনীত হ’বলৈ প্ৰায় ১৭ ঘণ্টা সময় লাগিব পাৰে। বৰ্তমান সুভাংশু পৃথিৱীৰ পৃষ্ঠৰ পৰা ২৫০ মাইল ওপৰত আছে।

সুভাংশুৰ সৈতে এই অভিযানত আই এছ এছলৈ গৈছে আৰু তিনিজন মহাকাশচাৰী— ক্ৰু-কমাণ্ডাৰ পেগি হুইটছন, মিছন বিশেষজ্ঞ স্লাওছ উজানস্কি-উইজনিউস্কি আৰু টিবৰ কাপু। এই অভিযানৰ গ্ৰুপ কেপ্টেইন সুভাংশু। মহাকাশ কেন্দ্ৰত দিনটোত ১৬ বাৰ সূৰ্য ওলায়, কাৰণ প্ৰতি ৯০ মিনিটত আই এছ এছে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। দিনটোত মুঠ ১৬ বাৰ প্ৰদক্ষিণ হয়। দুই সপ্তাহত সুভাংশুৱে মহাকাশত বহি ২৩০ বাৰ সূৰ্য ওলোৱা দেখিছে। আই এছ এছত মহাকাশচাৰীসকলে লণ্ডনৰ গ্ৰীনিচৰ সময় অনুসৰি সময়ৰ হিচাপ ৰাখে। বৃহস্পতিবাৰে অ্যাক্সিয়ম স্পেচে সুভাংশুৰ বিষয়ে এক বিবৃতি দিছিল। তাত কোৱা হৈছিল, “পৃথিৱীৰ পৰা ২৫০ মাইল ওপৰত বহি আমাৰ ক্ৰু সদস্যসকলে পৃথিৱীৰ ফটো আৰু ভিডিঅ’ তুলিছে। প্ৰিয়জনৰ সৈতে কথা পাতিছে। ২৩০ বাৰ তেওঁলোকে পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছে। প্ৰায় ১০০ লাখ কিলোমিটাৰ পথ পাৰ কৰিছে।”

বিগত ২৫ জুনত স্পেচএক্সৰ ‘ড্ৰেগন’ মহাকাশযানত উঠি সুভাংশুৰ সৈতে চাৰিজন মহাকাশচাৰীয়ে আই এছ এছৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। প্ৰথম ভাৰতীয় হিচাপে সুভাংশুৱেই প্ৰথমে আই এছ এছলৈ গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...