অৱসৰৰ পিছত সময় কটাবলৈ কি কৰিব অমিত শ্বাহে?

৬০ বছৰ বয়স হৈ গৈছে। কেতিয়া অৱসৰ ল’ব, সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ একো কোৱা নাই। কিন্তু অৱসৰৰ পিছত কি কৰিব, কেনেকৈ সময় কটাব, তাৰ পৰিকল্পনা তেওঁ নিজেই প্ৰকাশ কৰিছে। তেওঁ জনাইছে যে, কামৰ পৰা আঁতৰি গৈ তেওঁ বাকী জীৱনটো পঢ়া-শুনা কৰিয়েই কটাব।

বুধবাৰে ‘সহকাৰ সম্বাদ’ নামৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল শ্বাহ। তাত তেওঁ গুজৰাট, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ সমবায়ৰ সৈতে জড়িত মহিলাসকলৰ সৈতে কথা-বতৰা পাতিছিল। সেই মঞ্চৰ পৰাই তেওঁ নিজৰ অৱসৰ জীৱনৰ কথা মুকলিকৈ কয়। তেওঁ কয়, “মই ঠিৰাং কৰিছো, অৱসৰ লোৱাৰ পিছত মই বাকী জীৱনটো বেদ, উপনিষদ পঢ়ি কটাম। প্ৰাকৃতিক কৃষিৰ বিষয়েও পঢ়া-শুনা কৰিম।” প্ৰাকৃতিক কৃষিৰ উপকাৰিতা বুজাই তেওঁ আৰু কয়, “ৰাসায়নিক সাৰেৰে উৎপাদিত গমে বহু সময়ত ৰোগৰ সৃষ্টি কৰে। প্ৰাকৃতিক কৃষিয়ে আমাৰ শৰীৰক কেৱল ৰোগমুক্ত কৰাই নহয়, উৎপাদনো বহু পৰিমাণে বঢ়ায়।”

শ্বাহে ২০১৯ চনৰ পৰা কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়ৰ দায়িত্বত আছে। ২০২১ চনত তেওঁক আৰু এটা মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে তেওঁ কেন্দ্ৰীয় সমবায় মন্ত্ৰীও। শ্বাহে কয়, “যেতিয়া মই দেশৰ গৃহমন্ত্ৰী হ’লো, সকলোৱে মোক কৈছিল যে এয়া এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। কিন্তু যেতিয়া মোক সমবায় মন্ত্ৰী কৰা হ’ল, মোৰ অনুভৱ হ’ল যে এয়া গৃহ মন্ত্ৰণালয়তকৈও ডাঙৰ কিবা এটা। কাৰণ এই বিভাগে দেশৰ কৃষক, দৰিদ্ৰ মানুহ, গাঁও আৰু পশু-পক্ষীৰ সৈতে জড়িত কাম কৰে।”

এই অনুষ্ঠানৰ আগতে শ্বাহৰ মন্ত্ৰণালয়ৰ পৰা সামাজিক মাধ্যমত এটা পোষ্ট কৰা হৈছিল। তাত লিখা হৈছিল, “মোদীজীয়ে যি সহযোগিতাৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীৰ কথা কয়, তাৰ সৈতে মিল ৰাখি কেন্দ্ৰীয় সমবায় মন্ত্ৰণালয়ে কৃষকসকলক সবল কৰি তুলিছে। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতিৰ লগতে দেশৰ অৰ্থনীতিও শক্তিশালী হৈ উঠিছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...