কিছুদিন পূৰ্বে ছুটিং চেটত আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান বৰ্তমান কেনে আছে?

কেইদিনমান আগতে খবৰ পোৱা গৈছিল যে, শ্বাহৰুখ খান ছুটিং চেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰ কন্যা ছুহানা খানৰ সৈতে আগন্তুক ছবি ‘কিং’ৰ ছুটিঙৰ সময়ত এই দুৰ্ঘটনা ঘটিছিল বুলি জনা গৈছিল। কেইবামাহ ধৰি লণ্ডনৰ বিভিন্ন ঠাইত এই ছবিৰ ছুটিং চলি আছে। এই সময়ত শুনা গৈছিল যে, অভিনেতাজনৰ পেশীত আঘাত লাগিছে। ছুটিং মাজতে বন্ধ কৰি তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ যাবলগীয়া হৈছিল।

যদিও পিছত এই খবৰক কিছুমানে মিছা বুলি দাবী কৰিছিল। বিগত কেইদিনমান ধৰি শ্বাহৰুখক ক’তো দেখা পোৱা নাছিল। কিন্তু শুকুৰবাৰে এটা বিশেষ বঁটা ঘোষণাৰ পিছত তেওঁ প্ৰকাশ্যলৈ আহিল। তেওঁৰ পৰিধানত আছিল ক’লা টি-চাৰ্ট, ডেনিম পেণ্ট, মূৰত ক’লা টুপী। শ্বাহৰুখে কৃতজ্ঞতা প্ৰকাশ কৰিলে। সেই ভিডিঅ’ত তেওঁৰ হাতত বেণ্ডেজ বন্ধা দেখা গৈছিল।

স্বাভাৱিকভাৱে সকলোৰে মনত কৌতুহল জাগিছে, শ্বাহৰুখে সঁচাকৈয়ে গুৰুতৰ আঘাত পাইছেনে? তথাপি অভিনেতাজনে অনুৰাগীসকলক চিন্তা নকৰিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে, “মই দুয়োহাত মেলি সকলোকে কৃতজ্ঞতা আৰু মৰম জনাব বিচাৰোঁ। কিন্তু এতিয়া তেনে কৰিব পৰা নাই। চিন্তা নকৰিব। পপকৰ্ণৰ সৈতে সাজু থাকক। অতি সোনকালে প্ৰেক্ষাগৃহত আমাৰ সাক্ষাৎ হ’ব।”

সূত্ৰৰ খবৰ অনুসৰি, কেইবাসপ্তাহ আগতে মুম্বাইৰ গোল্ডেন ট’বেকো ষ্টুডিঅ’ত শ্বাহৰুখ এটা একশ্যন দৃশ্যৰ ছুটিঙত ব্যস্ত আছিল। সেই সময়ত ষ্টাণ্ট কৰোঁতে তেওঁ আঘাতপ্ৰাপ্ত হয়। বৰ্তমান ‘কিং’ ছবিৰ ছুটিং কেইদিনমানৰ বাবে বন্ধ ৰখা হৈছে। অভিনেতাজন সম্পূৰ্ণ সুস্থ হৈ উঠিলে বাকীখিনি কাম জোৰদাৰভাৱে সম্পূৰ্ণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সাংবাদিকৰ পেঞ্চন দুগুণলৈ বৃদ্ধি, ৫ লাখ টকাৰ স্বাস্থ্য বীমা: পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ডাঙৰ ঘোষণা

পশ্চিমবংগৰ সাংবাদিকসকলৰ বাবে ডাঙৰ সকাহৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু...

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতৰ

ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে ইয়াৰ অংশীদাৰিত্ব অধিক...

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...