ছবিসমূহ FLOP হ’লে কি সিদ্ধান্ত লয় অক্ষয় কুমাৰে?

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে তেওঁৰ কেৰিয়াৰত ইখনৰ পিছত সিখন সুন্দৰ ছবি উপহাৰ দি আহিছে। অক্ষয়ে ১৫০খনতকৈ অধিক ছবিত অভিনয় কৰিছে। তেওঁৰ কেৰিয়াৰত এনে কেইবাটাও সময় আহিছে যেতিয়া তেওঁৰ ছবিসমূহ একেৰাহে বক্স অফিচত সফল হৈছে। কিন্তু তেওঁ কেইবাটাও বেয়া সময়ৰো সন্মুখীন হৈছে। বহুবাৰ তেওঁৰ ইখনৰ পিছত সিখন ছবি ফ্লপ হৈছে। কিন্তু, আপুনি জানেনে যে, ছবি ফ্লপ হোৱাৰ পিছত অক্ষয় কুমাৰে নিজকে কেনেকৈ সামৰে আৰু কি সিদ্ধান্ত লয়? শেহতীয়াকৈ এটা সাক্ষাৎকাৰত অক্ষয়ে এই কথা প্ৰকাশ কৰিছিল।

অক্ষয় কুমাৰে কৈছিল তেওঁৰ ছবি ফ্লপ হ’লে তেওঁ কেনেকৈ কাম কৰে আৰু তেওঁৰ পৰৱৰ্তী পৰিকল্পনা কি থাকে। তেওঁ কৈছিল যে, যদি কোনো ছবি ফ্লপ হয়, তেন্তে তেওঁ শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰৰ ছবিৰ ৰিপ’ৰ্ট কাৰ্ড চায় আৰু ভাৱে যে ক’ত খুঁত থাকি গ’ল। তাৰ পিছত সোমবাৰৰ পৰা নতুন ছবিৰ কামত লাগি যায়।

ছবি ফ্লপ হ’লে লয় এই সিদ্ধান্ত

শেহতীয়াকৈ অক্ষয় কুমাৰ এটা শ্ব’ত অংশগ্ৰহণ কৰিছিল। তাত তেওঁক সুধিছিল, “ছবি মুক্তিৰ সময়ত তেওঁৰ কোনো মানসিক চাপ নহয় নেকি? কোটি কোটি টকাৰ ৰিস্ক থাকে।” ইয়াৰ উত্তৰত অক্ষয় কুমাৰে কৈছিল, “মানসিক চাপটো হ’বই। কিন্তু এনে চাপ নহয় যে, মই মূৰে-কপালে ধৰি বহি থাকিম বা দেৱালত মূৰ মাৰিম। যদিহে শুকুৰবাৰ, শনিবাৰ, দেওবাৰে মোৰ ছবি নচলে, তেন্তে মই ঘৰত অলপ দুখী হৈ থাকোঁ।

মনে মনে থাকোঁ আৰু তাৰ পিছত ভাৱোঁ যে কি ভুল হ’ল? তাৰ পিছত সিদ্ধান্ত লওঁ যে, তিনিদিন হ’ল, এতিয়া সোমবাৰৰ পৰা মই আন এজন প্ৰযোজকৰ সৈতে মোৰ পৰৱৰ্তী ছবিৰ কাম আৰম্ভ কৰোঁ। কাৰণ সফলতা আমাৰ হাতত নাই। সেয়া প্ৰকৃতিৰ হাতত। তেওঁলোকে যি দিব, মূৰ পাতি লৈ ল’ম। নিদিলেও মূৰ পাতি ল’ম।”

১০০ কোটিৰ ক্লাবৰ বাদশ্বাহ হ’ল অক্ষয়

অক্ষয় কুমাৰৰ ছবি ‘জলী এলএলবি ৩’ই বক্স অফিচত ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ১৯ ছেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এই ছবিখনে ১৪ দিনত ১০৩ কোটি টকাৰ উপাৰ্জন কৰিছে। এই ছবিখন অক্ষয়ৰ ১৯সংখ্যক ছবি হিচাপে ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...