আমাৰ স্বাৰ্থৰ ক্ষতি হ’লে আমি মনে মনে নাথাকো! ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ চৰ্চাৰ মাজতে চীনৰ বিবৃতি

আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি সম্পন্ন কৰাৰ সময়ত কোনো দেশে চীনৰ স্বাৰ্থত বাধাৰ সৃষ্টি কৰিলে চীন নিশ্চুপ হৈ নাথাকিব! চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ প্ৰশাসনে এনে এখন বিবৃতি প্ৰকাশ কৰি এই কথা স্পষ্ট কৰিছে। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি শীঘ্ৰেই চূড়ান্ত হ’ব নেকি, তাক লৈ সাম্প্ৰতিক দিনত আলোচনা ক্ৰমশঃ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত চীনৰ এই বাৰ্তাক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে, যদিও চীনে কোনো দেশৰ নাম স্পষ্টভাৱে উল্লেখ কৰা নাই।

শুল্ক সংঘাত অতিক্ৰম কৰি সম্প্ৰতি ৱাশ্বিংটনে বেইজিঙৰ সৈতে এখন বাণিজ্য চুক্তি সম্পন্ন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জনাইছে যে, চীনৰ পিছত ভাৰতৰ সৈতেও বাণিজ্যিক চুক্তি সম্পন্ন কৰিব পাৰে মাৰ্কিন প্ৰশাসনে। ভাৰতৰ উপৰিও আন কেইখনমান দেশৰ সৈতেও আমেৰিকাই বাণিজ্য চুক্তি স্থাপন কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত চীনৰ বাণিজ্য মন্ত্ৰণালয়ে এখন বিবৃতি প্ৰকাশ কৰিছে। চীনৰ সংবাদমাধ্যম ‘চাউথ চাইনা মৰ্নিং পোষ্ট’ৰ মতে, এই বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰাৰ সময়ত চীনৰ স্বাৰ্থৰ কোনো ক্ষতি হ’ব নালাগে।

বিবৃতিত চীনৰ বাণিজ্য মন্ত্ৰণালয়ে কৈছে, “যদি এনে কোনো পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে চীনে তাক কেতিয়াও মানি নল’ব। নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। এয়া চীনৰ বৈধ অধিকাৰৰ মাজত পৰে।” চীনৰ বাণিজ্য মন্ত্ৰণালয়ে এইটোও স্পষ্ট কৰিছে যে, আমেৰিকাৰ সৈতে বিভিন্ন দেশৰ বাণিজ্যিক বুজাবুজিত তেওঁলোকৰ কোনো আপত্তি নাই। আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ উদ্যোগক তেওঁলোকে আদৰণি জনাইছে। কিন্তু একে সময়তে বহুপাক্ষিক আন্তৰ্জাতিক বাণিজ্যিক বিধি মানি চলাৰ ওপৰতো জোৰ দিছে চীনৰ প্ৰশাসনে। আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ সময়ত অন্য দেশসমূহে আন্তৰ্জাতিক বাণিজ্য বিধি মানি ‘ন্যায্য’ভাৱে কাম কৰক, তাক স্মৰণ কৰাই দিছে চীনে।

বাস্তৱত, আমেৰিকাৰ নতুন শুল্ক নীতি আপাতত ৯০ দিনৰ বাবে স্থগিত ৰাখিছে ট্ৰাম্প প্ৰশাসনে। আগন্তুক ৯ জুলাইত এই ৯০ দিনৰ ম্যাদ শেষ হ’ব। তাৰ আগতেই বিভিন্ন দেশে আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি সম্পূৰ্ণ কৰিবলৈ বিচাৰিছে। ভাৰতৰ সৈতেও এই চুক্তি সন্দৰ্ভত আলোচনা চলি আছে। কিন্তু গাড়ীৰ যন্ত্ৰাংশ, ইস্পাত আৰু কৃষিজাত সামগ্ৰীৰ আমদানি শুল্কৰ বিষয়ে মতভেদৰ বাবে চুক্তিৰ ৰূপৰেখা এতিয়াও চূড়ান্ত হোৱা নাই বুলি চৰকাৰী সূত্ৰৰ খবৰ। ‘কঠিন দৰদামকাৰী’ মোদীৰ সৈতে দৰদাম কৰাটো ‘কঠিন’ বুলিও ট্ৰাম্পে উল্লেখ কৰিছিল।

বৰ্তমানৰ পৰিসংখ্যা অনুসৰি, ভাৰতৰ মুঠ ৰপ্তানিৰ প্ৰায় ১৮ শতাংশ আমেৰিকাৰ বজাৰলৈ যায়। আমদানিৰ ক্ষেত্ৰত দেশীয় বজাৰৰ ৬.২২ শতাংশ মাৰ্কিন সামগ্ৰী। দ্বিপাক্ষিক বাণিজ্য ১০.৭৩ শতাংশ। বাণিজ্য চুক্তি চূড়ান্ত নহ’লে ভাৰতীয় কাৰ্পেট, চিকিৎসা সঁজুলি আৰু সোণৰ গহনা ৰপ্তানীকাৰীসকলে উজুতি খাব পাৰে বুলি আশঙ্কা কৰা হৈছে। যদিও আমেৰিকাৰ সামগ্ৰিক বাণিজ্য পৰিসংখ্যাত তাৰ বিশেষ প্ৰভাৱ নপৰে। কিন্তু মটৰগাড়ী আৰু ইয়াৰ যন্ত্ৰাংশ, ছয়াবিনৰ দৰে কৃষিপণ্যৰ শুল্ক হ্ৰাস কৰিলে ৱাশ্বিংটনে কিছু সুবিধা পাব।

ৰয়টাৰ্ছৰ সাম্প্ৰতিক প্ৰতিবেদন অনুসৰি, ট্ৰাম্পৰ ৯ জুলাইৰ সময়সীমা শেষ হোৱাৰ আগতেই ভাৰতৰ এটা বাণিজ্য প্ৰতিনিধিদল আমেৰিকালৈ যাব পাৰে। কিন্তু সূত্ৰৰ খবৰ, ভাৰত লৰালৰিকৈ কৰি কোনো অন্তৱৰ্তী চুক্তি সম্পন্ন কৰাৰ পক্ষপাতী নহয়। ৰয়টাৰ্ছক সূত্ৰই জনাইছে যে, ভাৰতে ৯ জুলাইৰ আগতে বিষয়টো সমাধান কৰিব বিচাৰে, কিন্তু সেই সময়সীমাৰ ভিতৰতেই চুক্তি চূড়ান্ত কৰিব লাগিব বুলি নতুন দিল্লী চিন্তিত নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...